অসমীয়া জতুৱা ঠাঁচ বা খণ্ডবাক্য
জতুৱা ঠাঁচ বা খণ্ডবাক্যবোৰ সাধাৰণতে বিশেষ্য,ক্ৰিয়া,বিশেষণ আৰু বিভিন্ন পদক ভিন ভিনকৈ বা একেলগে বিশেষ অৰ্থত ব্যৱহাৰ কৰি গঠন
কৰা হয় ৷ অসমীয়া ভাষাত এই খণ্ডবাক্যসমূহে এক বিশেষ স্থান অধিকাৰ কৰি আছে ৷ জতুৱা
ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমষ্টি,
চকু
চৰহা --- লোকৰ ভাল দেখিব নোৱৰা ৷
চকু পোৰা --- লোকৰ ভাল দেখি সহিব নোৱৰা ৷
চকু লগা --- টোপনি অহা ৷
চকু দিয়া --- সাৱধান হোৱা ৷
চকু মুদা --- মৃত্যু হোৱা ৷
চকুত লগা --- ধুনীয়া হোৱা ৷
চকু ফুৰা --- ওপৰে ওপৰে চোৱা ৷
চকুৰ
পচাৰতে --- নিমিষতে,তৎক্ষণাৎ
চকুৰ
কুটা দাতৰ শাল --- ঘোৰ শত্ৰু।
চালে-বেৰে
কোবোৱা --- সামঞ্জস্যহীন
কথা
চহকী --- বৰকৈ যি কথা কয় ৷
কথা গৰকা --- ভাল বেয়া যি গমি চায় ৷
কথা ক --- ভাব প্ৰকাশ কৰ ৷
কথা হ --- আলোচনা কৰ ৷
কপাল ফুলা --- সৌভাগ্য উপস্থিত হোৱা ৷
কপাল ফুটা --- দুৰ্ভাগ্য উপস্থিত হোৱা ৷
কপাল ধিওৱা --- আশাৰে বাট চোৱা ৷
কপালৰ ঘাম মাটিত পেলোৱা --- অতি পৰিশ্ৰম কৰা ৷
কপাল ধোৱা --- আশা এৰা ৷
কাণ কটা --- নিলাজ, দুষ্ট ৷
কাণ দিয়া --- মনোযোগ দিয়া ৷
কাণ পতা --- শুনিবলৈ সাজু হোৱা ৷
কাণ বাগৰা --- লোকৰ মুখে শুনা ৷
কাণ এৰা --- মনোযোগ নিদিয়া ৷
কাণ কৰা --- মনোযোগ দিয়া ৷
কাণ সৰালি মৰা --- নুশুনা ভাও জোৰা ৷
কাণে কাণ মাৰি --- কোনো মতে ৷
কঁকাল ভগা --- দুৰ্বল হোৱা, ক্ষমতাহীন
হোৱা ৷
কঁকাল পৰা --- বুঢ়া হোৱা, দুৰ্বল
হোৱা৷
কঁকাল বন্ধা --- কোনো কামলৈ সাজু হোৱা,
সষ্টম হোৱা ৷
কঁকাল দঙা --- পুনৰ শক্তি লাভ কৰা,
পুনৰ টনকিয়াল হোৱা ৷
কাণ
চুই থ --- আগলৈ মনত ৰখা।
কাণ
চোৱাই থ --- মনত ৰাখিবলৈ কোনো কথা জনাই থোৱা।
কাণত
ধৰি ক --- শপত খাই কোৱা
কাণ
সমনীয়া --- ডেকা
অজীন
পাতকী --- মিলিব নোৱাৰা, দন্দুৰা
লোক ৷
অথাই
সাগৰ --- ডাঙৰ বিপদ ৷
অমাতৰ
মাত --- শুনিবলৈ শুৱলা নাত ৷
অলপ
পানীৰ মাছ --- দুৰ্বল , নিমাখিত
৷
অচিন
কাঠৰ থোৰা --- অপৰিচিত ৷
অহুত
কাণে পহুৰ কাণে --- উৰা বাতৰি, ঘুনুক
ঘানাককৈ শুণা ৷
আঁঠু
লোৱা --- সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা ৷
আঁঠুত
সোণ বিচাৰ --- কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা ৷
আকোৰ
গোঁজালি --- একেটা কথাত লাগি থকা ৷
আটোম
টোকাৰি --- পৰিপাটি ৷
আথে
– বেথে --- অতি সাদৰৰ ৷
আমঠু
ক’লা পৰা --- মনত বৰ আঘাত পোৱা ৷
আকাশী
সৰগ ভাগি পৰা --- ডাঙৰ বিপদ হোৱা ৷
আলিবাটত
চালি ধৰা --- ধুন মাৰি ফুৰা ৷
আজল
মঠ --- জানিও নজনা ভাও ধৰা ৷
আভুৱা
ভৰা --- ঠগ, প্ৰবঞ্চনা কৰা ৷
আকাশত
চাং পতা --- অস্বাভাৱিক কল্পনা কৰা ৷
আলৈ-আথানি
--- নিৰাশ্ৰয় বা নি:সহায় ৷
গা
ধৰা --- শকত হোৱা ৷
গা
এৰা দিয়া --- সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া ৷
গা
দাঙি কোৱা --- সাহস কৰি কোৱা ৷
গা
ৰখা --- হানি বা নষ্টৰ পৰা ৰক্ষা কৰা ৷
গা
পাতি লোৱা --- কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা ৷
গা
গধুৰ --- এলেহুৱা ৷
গা
ঘেলাই ফুৰা --- কাম- বন নকৰি ধুন মাৰি ফুৰা ৷
গা
ধৰ --- শকত হ ৷
গাৰ
নোম ডাল ডাল হ --- ভয়ত শিয়ঁৰি উঠ ৷
গা
চেবা --- সন্দেহ হোৱা ৷
গা
দাং --- নৰিয়াৰ পৰা উঠা ৷
গা
তোলা --- দায়িত্ব বহন কৰা, মান্তি
হোৱা ৷
গা
জুৰা --- সন্তোষ পোৱা ৷
গা
লৰাই কৰা --- মনোযোগ দি কোনো কাম কৰা ৷
গা
নচুৱাই ফুৰা --- কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা ৷
গাত
হাত দিয়া --- মৰিওৱা বা অপদস্থ কৰা ৷
গা
জোৰা --- যথেষ্ট হোৱা, অটা ৷
গা
সৰা --- বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ
পৰা অব্যাহতি পোৱা ৷
গা
ৰোৱা --- কোনোমতে ৰক্ষা পৰা ৷
গা
তোলা --- পুনৰ টনকিয়াল হোৱা ৷
গা
ভাৰী --- গৰ্ভৱতী ৷
গা
ঘেলাই ফুৰা ---কাম-বন নকৰি ধুন মাৰি ফুৰা ৷
গা
ৰাঁই জাঁই কৰা --- চাটি-ফুটি কৰা বা অস্থিৰ হোৱা ৷
মুখ
লগা --- আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷
মুখ
নোহোৱা --- গঢ় লগাই কথা ক’ব নোৱাৰা ৷
মুখ
মেলা --- আনলৈ আশা কৰা ৷
মুখ
মৰা --- নিমাত হোৱা ৷
মুখ
বজোৱা --- কাজিয়া কৰা ৷
মুখ
ফালি কোৱা --- স্পষ্টকৈ কোৱা ৷
মুখলৈ
চোৱা --- মৰম বা দয়া কৰা ৷
মুখত
সোপা দিয়া --- মাত নাইকিয়া কৰা , নিমাত
কৰা ৷
মুখৰ
ভাত কাঢ়ি নিয়া --- পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া
৷
মুখেৰে
সাত হাল বোৱা --- ফিতাহি মাৰি কথা কোৱা ৷
মুখ
পাতি ধৰা --- আনৰ কথাত নিজে সোমোৱা ৷
মুখ
উজলোৱা --- নাম জনাজাত কৰা ৷
মুখ
উফন্দা --- অসন্তোষ ভাৱ দেখুৱা ৷
চকু
ৰোৱা --- দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয় ৷
চকু
ফুৰাই চোৱা --- ওপৰে ওপৰে চোৱা ৷
চকু
মুদা কুলি ---প্ৰবঞ্চক,ফাকি
দিয়া ব্যক্তি ৷
চকুত
ধুলি মৰা --- ফাকি দিয়া ৷
চকুৰ
পচাৰতে --- নিমিষতে , ক্ষন্তেকতে
৷
চকুৰ
কুটা --- অপ্ৰিয় ৷
চকুৰ
মণি --- অতি প্ৰিয় বা আদৰৰ ৷
চকু
জুৰ পৰা --- চাই সন্তোষ পোৱা ৷
চকু
মেলি চোৱা --- অনুগ্ৰহ কৰা ৷
চকু
ৰখা --- যত্ন কৰা, ভালদৰে
মন কৰা ৷
চকু
এৰা --- আশা নকৰা, মনোযোগ
দিবলৈ এৰা ৷
দাঁত
লগা --- লোকৰ চকু পৰাত অমংগল হোৱা ৷
দাঁতে
ওঁঠে নলগা --- কোনো কাজিয়া পেচাল নোহোৱা ৷
দাঁত
নাই --- সাহস নথকা, সামৰ্থ্য
নাই ৷
হাত
এৰা --- দায়িত্ব এৰা ৷
হাত
কৰা --- নিজৰ কৰা লোৱা , নিজৰ
অধীনলৈ অনা ৷
হাত
ঘলা --- আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷
হাত
চোৱা --- মংগল চোৱা বা ভাল – বেয়া বিচাৰ কৰা ৷
হাত
দিয়া --- কোনো কামত ধৰা ৷
হাত
পতা --- ভিক্ষা কৰা, কোনো
বস্তু খোজা ৷
হাত
ধৰা --- টানকৈ চলা , কৰিব
নোৱাৰা হোৱা ৷
হাত
পৰা --- অধোগতি , তললৈ
নমা ৷
হাত
থকা --- প্ৰভাৱ থকা ৷
হাত
ঊঠা --- উন্নতি হোৱা , কৃতকাৰ্য
হোৱা ৷
হাত
অহা --- অভ্যাস হোৱা ৷
হাত
মৰা --- লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷
হাত
মেলা --- নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷
হাত
সৰা --- ৰক্ষা পোৱা , পলাই
যোৱা, মুক্তি পোৱা ৷
হাত
সাৱতা --- কোনো কাম নকৰি এনেয়ে থকা ৷
হাত
বাগৰা --- আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷
হাত
মুকলি --- খৰছী, অবাবত খৰচ কৰা ৷
হাত
খালি --- টকা – পইছা নথকা ৷
হাত
টান --- কৃপণ, চিকতা ৷
হাত
চুটি --- ক্ষমতাহীন, অভাৱী
মানুহ ৷
হাত
দীঘল --- ক্ষমতাশালী ৷
হাতে-লোতে
--- অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷
হাত
ধোৱা --- আশা এৰা বা সম্পৰ্ক এৰা ৷
হাত
লৰ --- চোৰ স্বভাৱ ৷
হাতৰ
মুঠিত ৰখা --- নিজৰ অধীনত ৰখা ৷
হাতে
ভৰিয়ে ধৰা --- কাবৌ-কোকালি কৰা ৷
হাতে
নামাৰি ভাতে মৰা --- দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷
হাতত
সাৰে ভৰিত সাৰে --- গোপনে , মনে মনে
৷
হাত
বুলোৱা --- মৰম কৰা ৷
হাত
যোৰ কৰা --- প্ৰাৰ্থনা কৰা ৷
হাত
উজান দিয়া --- কামত সহায় কৰা ৷
হাড়-ছাল
ওলোৱা --- অতি ক্ষীণ ৷
হাড়ক
মাটি কৰা --- অতিৰিক্ত পৰিশ্ৰম কৰা ৷
হাড়লৈকে
চিন --- ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷
হাড়
ভগা বন --- কঠিন কাম ৷
হাড়ত
বন গজা --- বহুদিনৰ আগতে মৰা ৷
হাড়
পেলোৱা --- মৃত্যু হোৱা ৷
হাড়
নাইকিয়া জিভা --- লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ ৷
হিয়া
ধুনা --- কান্দি ব্যাকুল হোৱা ৷
হিয়া
ধাকুৰীয়া --- শোকত ব্যাকুল হোৱা ৷
হিয়াৰ
আমঠু --- প্ৰিয়তম লোক ৷
Join Our WhatsApp Group- Click Here
