তলৰ ফটো খনত দেখা দৃশ্যটো কোনো হলীউডৰ দৃশ্য নহয় নতুবা কোনো বিশেষ মূহুৰ্তৰ লেজাৰ লাইটৰ খেলাও নহয়। এইটো বৰ্তমান সময়ৰ ইজৰাইলৰ আকাশৰ দৃশ্য। পেলেষ্টাইনৰ ফালৰ পৰা অহা শ শ ৰকেটত আকাশতে ধ্বংস কৰা দৃশ্য ।
ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ ইতিহাস পুৰণি। বছৰ বছৰ ধৰি এই যুদ্ধ চলি আহিছে। ৩৫ একৰৰ জেৰুজালেম নামৰ ঠাইখিনিৰ বাবে দুয়োফালৰ পৰাই প্ৰায়ে ৰকেট নিক্ষেপ, এয়াৰ ষ্ট্ৰাইক আদি হৈ থাকে। যোৱা কিছুদিনৰ পৰা পুনৰ কাজিয়াৰ সুত্ৰপাত হৈছে। যি কাজিয়া বৰ্তমান সম্পূৰ্ণ যুদ্ধৰ ফালে গতি কৰা দেখা গৈছে। এই কাজিয়াৰ মূল কাৰণ আছিল ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ।
শ্বেখ জৰাহ নামৰ ঠাইখিনিৰ পৰা পেলেষ্টাইন লোকসকলক উচ্ছেদ কৰিবলৈ ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ পৰাই আচলতে সংঘৰ্ষৰ সুত্ৰপাত ঘটে। ইহুদী সকলে ৯ মে তাৰিখে জেৰুজালেম দিৱস পালন কৰাৰ উদ্দেশ্যে উলিওৱা সমদলত হিংসা কৰাৰ পৰিকল্পনা আৰু অল আস্কা মছজিদত ইজৰাইলৰ সৈন্যৰ প্ৰৱেশে পৰিৱেশ অধিক বেয়া কৰি তোলে। অল আস্কা মছজিদ ইছলাম ধৰ্মত তৃতীয় সকলোতকৈ পবিত্ৰ স্থান বুলি ধৰি লোৱা হয়। এই মছজিদটো পুৰনি জেৰুজালেমত অৱস্থিত। পুৰনি জেৰুজালেম মুছলিম, ইহুদী আৰু খ্ৰীষ্টিয়ান তিনিওটা ধৰ্মৰ বাবে পৱিত্ৰ স্থান। জেৰুজালেম যদিও বৰ্তমান ইজৰাইলৰ দখলত আছে, ইয়াক লৈ এতিয়াও বিতৰ্কৰ অন্ত পৰা নাই। বিভিন্ন দেশে জেৰুজালেমক ইজৰাইলৰ বুলি মান্যতা নিদিয়ে। ইজৰাইলে, জেৰুজালেমক দেশৰ ৰাজধানী বুলি ঘোষণা কৰে যদিও ভাৰতে অৱশ্যে তেল আভিভ চহৰক হে ৰাজধানী বুলি মান্যতা দিয়ে।
এই অল আস্কা মছজিদত সৈন্য প্ৰৱেশ কৰা ঘটনাৰ পিছৰে পৰা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত বিষয়টো আকৌ এবাৰ আলোচিত হব ধৰিছে। ইফালে পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে আকৌ এবাৰ ইজৰাইলৰ বিৰুদ্ধে সক্ৰিয় হৈছে। হামাছে ইজৰাইলক উদ্দেশ্যি ৰকেট প্ৰক্ষেপ কৰা আৰম্ভ কৰে। হামাছে ইতিমধ্যে ইৰান, জৰ্ডান, তুৰ্কী আদি দেশৰ সমৰ্থন লাভ কৰিছে। হামাছে ইজৰাইলক নিক্ষেপ কৰা ৰকেট টোৰ নাম হল কাছাম, যিটো ইৰানৰ সৈতে সহযোগ কৰি নিৰ্মাণ কৰা হৈছে। এই ৰকেটে ইজৰাইলৰ বহুকেইখন মূখ্য চহৰক লক্ষ্য কৰিছে। কিন্তু এই ৰকেটক বিফল কৰাত ইজৰাইলৰ প্ৰধান অস্ত্ৰ হিচাপে বিবেচিত হৈছে - - আইৰন ড'ম।
২০০৭ চনলৈ ইজৰাইলে বিশেষকৈ আমেৰিকাৰ নিৰ্মিত পেট্ৰিয়ট মিছাইল ডিফেঞ্চ চিষ্টেম ব্যৱহাৰ কৰিছিল। ২০০৬-২০০৭ চনত হিজবুল্লাই ইজৰাইলত ৪০০ ৰকেট প্ৰক্ষেপ কৰি প্ৰায় ৪৪ জন নাগৰিকক হত্যা কৰে। পেট্ৰিয়ট ডিফেঞ্চ চিষ্টেমৰ উপযোগীতাৰ ওপৰত সন্দেহ ওপজিল। ২০০৭ চনত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ৰক্ষা বিভাগে এটা ডিফেঞ্চ চিষ্টেম নিৰ্মাণৰ বাবে প্ৰস্তাৱ ৰাখে। কিন্তু ইয়াৰ বাবে বৃহৎ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় ইজৰাইলক। এই প্ৰকল্প টোৰ বাবদ ইজৰাইলক ৬০ হাজাৰ কৌটি টকাৰ প্ৰয়োজন হয়। তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল বাৰাক ওবামা। ওবামাই আমেৰিকা কংগ্ৰেছৰ পৰা এখন বিল পাছ কৰাই ইজৰাইলক ডেৰ হাজাৰ কোটি টকাৰ অনুদান প্ৰদান কৰে। এই প্ৰকল্পৰ দায়িত্ব দিয়া হয়, ইজৰাইলৰে ৰাফেল নামৰ কোম্পানী এটাক। ২০১১ চনত " আইৰন ড'ম" সম্পূৰ্ণ হৈ উঠে। ২০১২ চনৰ নৱেম্বৰ মাহত "আইৰন ড' মে" সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।. ২০১২ চনৰ ১৪ মেত ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰি হামাছৰ মূখ্য কমাণ্ডাৰ এহমড জাবাৰীৰ মৃত্যু হয়। তাৰ প্ৰতিশোধ স্বৰূপে হামাছে তেল আভিভ আৰু জেৰুজালেম চহৰক কেন্দ্ৰ কৰি এটাৰ পিছত এটাকৈ ৰকেট নিক্ষেপ পৰা। কিন্তু সেই শ শ ৰকেটৰ প্ৰায় সংখ্যক ৰকেটে "আইৰন ড'মে" আকাশতে নষ্ট কৰিবলৈ সক্ষম হয়। আইৰন ড' ম ইজৰাইলৰ বাবে ত্ৰানকৰ্তা হিচাপে প্ৰমানিত হয়। হামাছৰ ৰকেট বোৰ নষ্ট হোৱাৰ বাহিৰে, একো ক্ষতি নহল। তাৰে ফলশ্ৰুতিতে এসপ্তাহ পিছতে হামাছে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ আগবঢ়াই। সেই তেতিয়াৰ পৰা আজিলৈ "আইৰন ড'মে" ইজৰাইলৰ ফালে অহা শ শ ৰকেট নষ্ট কৰি আহিছে।
আইৰন ড'মৰ সম্পূৰ্ণ চিষ্টেমটোত তিনিটা ভাগত ভগাব পাৰি। প্ৰথম হৈছে ৰাডাৰ, ইয়াৰ কাম হ'ল ৰকেটৰ দিশ আৰু সাম্ভাৱ্য লক্ষ্যস্থান চিনাক্ত কৰা।
দ্বিতীয়
হৈছে শক্তিশালী ছুপাৰ কম্পিউটাৰ যিয়ে ৰকেট ধ্বংস কৰা মিছাইল প্ৰক্ষেপনৰ সিদ্ধান্ত
লয় আৰু গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰে। তৃতীয় হৈছে বেটাৰী, যিয়ে ৰকেটৰ ওচৰলৈ যায় নিজে
বিষ্ফোৰণ হৈ ৰকেট ধ্বংস কৰে।
বৰ্তমান সময়তো হামাছে প্ৰক্ষেপ কৰি থকা ৰকেট সমূহৰ অধিকাংশই আকাশতে নষ্ট কৰিব সক্ষম হৈছে। কিন্তু ইয়াৰ বিপৰীতে কিছু সংখ্যক ৰকেট অৱেশ্যে জনবসতি এলেকাত বিস্ফোৰণ হৈ বিস্তৰ ক্ষতি সাধনো কৰিছে।
এই ক্ষতি সমাধানৰ আঁৰৰ কাৰন কি? আচল কথা হৈছে, "আইৰন ড'ম"ৰ এটা সম্পূৰ্ণ বেটাৰীৰ বাবদ ইজৰাইলৰ মুঠ ৩০ - ৪০ লাখ ডলাৰ খৰচ হয়। আনহাতে হামাছৰ একোটা ৰকেটৰ খৰছ মাত্ৰ ৩০০০ বা ৪০০০ ডলাৰ। গতিকে হামাছৰ এটা ৰকেট ধ্বংস কৰাৰ বাবদ ইজৰাইলে বৃহৎ পৰিমাণৰ পইচা খৰচ কৰিব লগা হয়। সেইবাবে যিবোৰ ৰকেট জনবসতি এলেকাৰ ফালে লক্ষ্য কৰি নিক্ষেপ কৰিছে, একমাত্ৰ সেইবোৰেহে ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে যিবোৰ ৰকেট খালী ঠাইত নিক্ষেপ হয়, সেইবোৰ তেনেদৰে বিষ্ফোৰণ হব এৰি দিয়া হয়।
ইজৰাইলৰ সামৰিক শক্তিৰ কথা গোটেই বিশ্বতে চৰ্চিত হয়। মাত্ৰ ৯২ লাখ জনসংখ্যাৰ দেশ এখনে, কেনেদৰে অকলে ইৰান, জৰ্ডান, ইজিপ্ত আদিৰ দৰে দেশক পৰাজিত কৰিছিল, তাৰ উদাহৰণ ইতিহাসত আছে। ইয়াৰ ওপৰিও বৰ্তমান পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন সমূহো আগতৈ সুসজ্জিত হৈ উঠিছে। তুৰ্কীৰ দৰে ৰাষ্ট্ৰৰ সমৰ্থনে সেই সংগঠন বোৰক অধিক শক্তিশালী কৰিছে।. শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ইজৰাইলক সমৰ্থনে যুদ্ধৰ আশংকা অধিক বৃদ্ধি কৰিছে।
Nava Jugal Kashyap ৰ ফে’চবুক ৱালৰ পৰা সংগ্ৰহীত।
Join Our WhatsApp Group- Click Here
You can Donate us through UPI ID- joonak@ybl
