গেলিলিঅ’ গেলিলি ৰ জীৱনী- এক কাহিনী
ষোল্ল আৰু সোতৰ শতিকাৰ মহান বিজ্ঞানীসকলৰ মাজত গেলিলিঅ’ গেলিলি অন্যতম- যি নিজৰ যুগান্তকাৰী আৱিস্কাৰসমূহৰ
জৰিয়তে মানৱ জাতিৰ বৈজ্ঞানিক চিন্তাৰ বিকাশৰ ক্ষেত্ৰত প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰি
গৈছে। এই মহান বিজ্ঞানীজনে নিজে নিৰ্মান কৰি লোৱা টেলিস্ক’পৰ
সহায়ত বিভিন্ন গুৰুত্বপূৰ্ণ আৱুস্কাৰ কৰি এৰিষ্ট’টলৰ যুগৰে পৰা মানৱ জাতিৰ
ওপৰত প্ৰভাৱ বিস্তাৰ কৰি অহা বহু চিন্তাৰ ওৰ পেলাইছিল। ওকল সেয়াই নহয়, বস্তুৰ গতি
সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ উপৰি পৃথিৱীৰ গতিপথ সম্পৰ্কীয় অবৈজ্ঞানিক ধাৰণা
আৰু অন্ধবিশ্বাসবোৰ দূৰ কৰাত যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিছিল।
১৫৬৪ চনৰ ১৫ ফেব্ৰুৱাৰীত গেলিলিঅ’ৰ জন্ম হৈছিল ইটালীৰ পিছা
নগৰীত। গেলিলিঅ’ক দেউতাকে চিকিত্সা শাস্ত্ৰ অধ্যয়ণ কৰিবৰ বাবে উদগণি
দিছিল; কিন্তু তেওঁৰ ৰাপ আছিল গণিত বিজ্ঞানতহে। তেওঁ বিশ্ববিদ্যালয় এৰি
থৈ গৈছিল গণিত শাস্ত্ৰত গভীৰ ভাবে মনোনিবেশ কৰিবৰ কাৰণে। মাত্ৰ ২৩ বছৰ বয়সতে তেওঁ
গণিত শাস্ত্ৰত গভীৰ বুত্পত্তি অৰ্জন কৰিছিল আৰু বিশ্ববিদ্যালয়লৈ উভতি আহিছিল এজন
শিক্ষক হিচাপে।
বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি থকা দিনতে গেলিলিঅ’ই
পেণ্ডুলামৰ বিধি আৱিস্কাৰ কৰিছিল। কথিত আছে যে এটা স্থানীয় কেথেড্ৰলত এটা লেম্প
ইফালৰ পৰা সিফাললৈ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দুলি থকা দেখি তেওঁ পেণ্ডুলামৰ
বিধি আৱিস্কাৰ কৰিবলৈ সক্ষম হয়। এই বিধি আৱিস্কাৰৰ পিছত পেণ্ডুলাম ঘড়ী বা দেৱাল
ঘড়ী তেওঁ উদ্ভাৱন কৰিছিল। বেৰোমিটাৰ আৰু ভাপ ইঞ্জিনৰ বিকাশো গেলিলিঅ’
আৱিস্কাৰসমূহৰ ফলত সহজসাধ্য হৈছিল।
গেলিলিঅ’ কেৱল এগৰাকী তত্বৰ বিকাশ সাধন কৰা বিকাশ যে নাছিল,
বিজ্ঞানৰ বিভিন্ন প্ৰায়োগিক দিশতো যে তেওঁৰ অৰিহণা আছিল চমকপ্ৰদ সেই কথা আমি
পেণ্ডুলাম, টেলিস্ক’প আদিৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ কৰা প্ৰচেষ্টাৰ পৰাই
বুজা যায়। হল্যাণ্ডত ইতিমধ্যেই আৱিস্কাৰ হোৱা দূৰবীণ যন্ত্ৰতকৈও উন্নত দূৰবীক্ষণ
যন্ত্ৰ নিৰ্মাণ কৰি তেওঁ তন্ন-তন্নকৈ মহাকাশখন পৰীক্ষা-নিৰীক্ষা কৰাৰ কৰ্যত লাগি
গৈছিল আৰু মহাকাশ সম্পৰ্কীয় বহু নতুন তথ্য তেওঁ আৱিস্কাৰ কৰিছিল। তেওঁ দূৰবীক্ষণৰ
সহায়ত এইটো প্ৰমাণ কৰিছিল যে হাতীপটি (Milky
way) প্ৰকৃতাৰ্থত লক্ষ্য লক্ষ্য
নক্ষত্ৰৰ সমষ্টিহে। তদুপৰি তেওঁ দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত বৃহস্পতি গ্ৰহৰ উপগ্ৰহ
আৱিস্কাৰ কৰিছিল আৰু এই উপগ্ৰহে যে পিতৃ গ্ৰহটোক প্ৰদক্ষিণ কৰে সেইটো প্ৰমান
কৰিছিল। চান্দ্ৰকলাৰ দৰে শুক্ৰ গ্ৰহৰ কলা
(Phase) ৰ কথাটো সত্য প্ৰমাণিত কৰাৰ উপৰি
সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰ পথেদি যে পৃথিৱীকে ধৰি গ্ৰহমণ্ডলীয়ে প্ৰদক্ষিণ কৰে এই
কথাও প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টা কৰিছিল। মহাকাশত তন্ন-তন্নকৈ পৰীক্ষা কৰি
যুগ-যুগান্তৰ ধৰি বৰ্তি থকা অন্ধবিশ্বাস বা ভুল ধাৰণাবিলাক খণ্ডণ কৰাত যে গেলিলিঅ’ৰ
দ্বাৰা উন্নত কৰা দূৰবীক্ষণ যন্ত্ৰটোৰ
গুৰুত্ব আছিল অতি মহত্বপূৰ্ণ সেই কথা অনস্বীকাৰ্য।
পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে- এই সত্য উক্তিৰ বাবে খৃষ্টান যাজক
শ্ৰেণীৰ আক্ৰমণৰ হোৱাৰ আগতেই গেলিলিঅ’ৰ আন এক আৱিস্কাৰে এৰিষ্ট’টলৰ যুগৰ চিন্তাধাৰাৰ যতি পৰাত সহায় কৰিছিল। সেইটো
আছিল তললৈ সৰি পৰা বস্তুৰ গতি-বেগ সম্পৰ্কীয় বিধি। তেওঁ প্ৰমাণ কৰিছিল যে দুটা
ভিন্ন ওজনৰ বস্তু তললৈ পৰোতে একেটা বেগেৰে গতি কৰে। কাহিনী অনুসৰি গেলিলিঅ’ৰ
এই কথা প্ৰণাণ কৰিবৰ বাবে পিছা নগৰীৰ হেলনীয়া স্তম্ভটো বাছি লৈছিল। এই স্তম্ভৰ
শীৰ্ষৰ পৰা এটা ১০০ পাউণ্ড আৰু এটা ১ পাউণ্ডৰ বল একেলগে পেলাই দিয়াত দুয়োটা একে
সময়তে তলত পৰিছিল। গেলিলিঅ’ৰ কথা
সত্য প্ৰমাণিত হৈছিল; কিন্তু তথাপি তেওঁক বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ
কৰিবলৈ বাধ্য কৰা হৈছিল।
১৫৯২ চনত গেলিলিঅ’ই পাদুৱা বিশ্ববিদ্যালয়ত যোগ দিয়াৰ পাছত জ্যোতিবিজ্ঞানৰ
যিবোৰ সত্য উদঘাটন কৰিছিল- এই সত্য বিলাকৰ বাবেই তেওঁ সেই সময়ৰ সংৰক্ষণশীল ৰোমান
কেথলিক চাৰ্চৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁলোকে গেলিলিঅ’ৰ
বিৰুদ্ধে ধৰ্মদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰিছিল।
পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি কোৱাৰ অপৰাধত ১৬১৬ চনত
যাজকসকলৰ এক ৰুদ্ধদ্বাৰ বিচাৰ কক্ষত গেলিলিঅ’ক ধৰ্মদ্ৰোহী হিচাপে বিচাৰ কৰা হয়। কিন্তু কেথলিক
চাৰ্চৰ এনে ভাবুকিত তেওঁ ভয় খোৱাও নাছিল। তেওঁ অতি আপোচহীন ভাবে ৰোমান কেথলিক
চাৰ্চৰ সাবধান বাণীক আওকাণ কৰাত ১৬৩৩ চনত পুণৰ ধৰ্মদ্ৰোহিতাৰ অভিযোগত বিচাৰ কক্ষলৈ
টানি অনা হয় গেলিলিঅ’ক। কেথলিক চাৰ্চৰ তৰফৰ পৰা গেলিলিঅ’ক
তেওঁৰ বিশ্বাসৰ বিৰুদ্ধে যাবলৈ বাধ্য কৰা হয়; কিন্তু কাহিনী অনুসৰি তেওঁ অশান্তি আৰু শান্তিৰ হাত সাৰিবলৈ
ধৰ্মযাজকসকলে কোৱামতেই পৃথিৱী সূৰ্যৰ চাৰিওফালে নুঘূৰে বুলি ক’লেও
লগতে নিজকে কৈছিল যে, তথাপিও পৃথিৱীয়েই ঘূৰে।‘ বৃদ্ধ গেলিলিঅ’
ধৰ্মদ্ৰোহিতাৰ অপৰাধত ভুগিব লগা বন্দীত্বৰ
পৰা মুক্তি দিয়াৰ সময়ত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। দৃষ্টিশক্তিহীন এই
বিজ্ঞানীজনৰ মৃত্যু হয় ১৬৪২ চনৰ ৮ জানুৱাৰীত।
বিজ্ঞানৰ এগৰাকী মহান বাটকটীয়াৰ আৱিস্কাৰ সমূহে তত্কাসে স্বীকৃতি
পোৱাত ব্যৰ্থ হ’লেও সময়ত তেওঁৰ মতেই সঠিক বুলি স্বীকৃত হ’ল।
“
Dialogue Concerning the Two Principal Systems of the World” তেওঁৰ অমৰ ৰচনাৰাজিৰ সংগ্ৰহ। আধুনিক গতিবিদ্যা আৰু
মহাকাশ বিজ্ঞানৰ বিকাশৰ পথ গেলিলিঅ’ৰ যুগান্তকাৰী অৰিহণাৰ বাবেই, সকলো গঞ্জনাৰ সন্মুখীন
হৈও গেলিলিঅ’ হৈ ৰ’ল বিজ্ঞানৰ এগৰাকী উজ্জ্বল তাৰকা।
ধৰ্মযাজকসকলে এইদৰে বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ
ফলস্বৰূপে সুদীৰ্ঘ কেইবাটাও শতিকা ইটালীত বিজ্ঞান চৰ্চা বন্ধ হৈ গৈছিল বুলি ক’ব
পাৰি। সমসাময়িকভাৱে ইউৰোপৰ আন কেইবাখনো দেশ গেলিলিঅ’ আৰু নিউটনৰ আৱিস্কাৰসমূহৰ
পিছত ইটালীৰ তুলনাত দ্ৰুতগতিৰে আগবাঢ়িল আৰু বিজ্ঞানবিৰোধী কাৰ্যকলাপক পৰাভূত
কৰিলে।
সংগ্ৰহঃ বিজ্ঞানীৰ জীৱনী আৰু আৱিস্কাৰ
Join Our WhatsApp Group- Click Here
