গুণোৎসৱ আৰু প্ৰাথমিক শিক্ষা
আৰম্ভণিঃ
গুণোৎসৱ হৈছে বৰ্তমান অসম চৰকাৰৰ এক নৱ সংযোজন । গুণোৎসৱ শব্দটো গুণ+উৎসৱ শব্দৰ পৰা উৎপত্তি হৈছে । বিদ্যালয়ৰ গুণসমূহক লৈ উদ্ যাপন কৰা উৎসৱটোৱেই হৈছে গুণোৎসৱ । যোৱা ২০১৭ চনৰ ৪ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৪০০ খন চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক (দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ) বিদ্যালয়ত বহু চৰ্চিত ‘গুণোৎসৱ’ কাৰ্যসূচী আৰম্ভ কৰিছে ।
গুণোৎসৱ সম্পৰ্কত আমাৰ শিক্ষাগুৰু সকলৰ মাজত চৰ্চা আৰু উৎসৱ ইতিমধ্যে সৃষ্টি হৈছে । গুণোৎসৱ হৈছে গুণৰ উৎসৱ । আমাৰ বিদ্যালয় এখনৰ নো কি কি গুণ আছে আৰু আমি আমাৰ উদ্দেশ্যত কিমান দূৰ সফল হৈছো আৰু কিমান দূৰ সফল হ’ব পাৰিম। আমাৰ বৰ্তমানৰ স্থান ক’ত ইত্যাদি জুখি চাবৰ বাবেই এই গুণোৎসৱৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ উৎকৰ্ষ সাধনৰ কথাটো গুণোৎসৱৰ অতি প্ৰয়োজনীয় অংগ।
ধাৰণাঃ
গুণোৎসৱ হৈছে গুণৰ উৎসৱ। প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে অসমত গুণোৎসৱ নামৰ এক বিশেষ কাৰ্যক্ৰমৰ আৰম্ভণি কৰা হৈছে । অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোক অধিক সক্ৰিয় বা উন্নত পৰ্যায়লৈ উন্নীত কৰাৰ বাবে লোৱা এক প্ৰচেষ্টাই হৈছে গুণোৎসৱ । ২০০৯ চনত গুজৰাট চৰকাৰে অনুষ্ঠিত কৰা গুণোৎসৱৰ আৰ্হিতে অসম চৰকাৰে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে । পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰিবলৈ লোৱা এই কাৰ্য্যসূচীত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৮ খন জিলা বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ, লখিমপুৰ, পশ্চিম কাৰ্বি আংলং আৰু মৰিগাওঁ জিলা সামৰি লৈ এই জিলা কেইখনৰ নিম্ন আৰু উচ্চ-প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীসকলে অতদিনে লাভ কৰা শিক্ষাৰ লগতে বিদ্যালয়ৰ গুণগত মানৰ মূল্যায়ণৰ কাম ৪ এপ্ৰিলত আৰম্ভ কৰি ৭ এপ্ৰিলত শেষ কৰিছে। ৪ এপ্ৰিলত বিদ্যালয় বিলাকে নিজাববীয়াকৈ গুণোৎসৱ পালন কৰিছে । কিন্তু ৫, ৬, ৭ এপ্ৰিলত জনপ্ৰতিনিধি অসামৰিক সেৱা আৰু আৰক্ষী সেৱাৰ বিষয়া, শিক্ষাবিভাগৰ বিষয়া, বিভিন্ন বিভাগৰ বিষয়া আৰু কলেজৰ শিক্ষক সকলে বিদ্যালয় বিলাক পৰ্যৱেক্ষণেৰে বিষেশকৈ- ১) বিদ্যায়তনিত পাৰদৰ্শিতা ২) সহঃ বিদ্যায়তনিক কাৰ্য ৩) বিদ্যালয়ৰ আন্তঃ গাঁঠনি আৰু অন্যান্য সা-সুবিধাৰ উপলব্ধতা আৰু ব্যৱহাৰ ৪) সমাজৰ অংশগ্ৰহণ এই ৪ টা দিশত মূল্যায়ণেৰে পোৱা নম্বৰৰ ভিত্তিত A, B, C, D গ্ৰেড দিছে । অ’ এম আৰ পদ্ধতিৰে লিখিত পৰীক্ষা পতাৰ উপৰি বিষয়বস্তু আৰু সাধাৰণ জ্ঞানৰ প্ৰশ্নও সুধিছিল বুলি জানিব পৰা গৈছে । পিছে গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰে প্ৰয়োজনীয় শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ অভাৱ, আন্তঃ গাঁঠনি আৰু প্ৰয়োজনীয় সা-সুবিধা ইত্যাদি নথকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে এনে বিদ্যালয়ত অতদিনে গুণগত মানৰ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ পৰিপেক্ষিতত গুণোৎসৱৰ দ্বাৰা শিক্ষাৰ মান মূল্যায়ণত বিদ্যালয়ে পোৱা নম্বৰ যে সন্তোষজনক নহ'ব সেইয়া পূৰ্বানুমান কৰিব পাৰি ।
গুণোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্যঃ
অসম চৰকাৰে হাতত লোৱা এই গুণোৎসৱ কাৰ্যসূচীত বহুটো লক্ষ্য আৰু উদ্দেশ্য নিহিত হৈ আছে । তাৰ ভিতৰত কেইটামান মূল লক্ষ্য আৰু উদ্দেশ্য হ’লঃ
১) ৰাজ্যখনত চলি থকা প্ৰাথমিক শিক্ষাৰ পুতৌ লগা অৱস্থাৰ পৰিবৰ্তন সাধন কৰা ।
২) ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঠনি, শিক্ষক-শিক্ষয়ত্ৰী, শিক্ষাদানৰ বাবে প্ৰয়োজনীয় সা-সজুঁলিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰা ।
৩) বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা কাৰণ সমূহ বাচি উলিয়াই সেই সমূহ দূৰ কৰি এক সু-শৃংখলিত পৰিৱেশ বজাই ৰাখি নিয়মীয়া পাঠদানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা।
৪) গুণোৎসৱ কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দায়বদ্ধতা বৃদ্ধি কৰা।
৫) ইয়াৰ উপৰিও গুণোৎসৱৰ অন্য এটা উল্লেখযোগ্য উদ্দেশ্য হ’ল বিদ্যালয় সমূহত পৰিস্কাৰ পৰিচ্ছন্নতাৰ লগতে এটা সুস্থ পৰিৱেশ বজাই ৰখা।
৬) গুণোৎসৱৰ জৰিয়তে বিদ্যালয় সমূহৰ শিক্ষাৰ উন্নয়ণত গুৰুত্ব প্ৰদান কৰাই ইয়াৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য ।
৭) ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ মূল্যায়ণ কৰা।
প্ৰাথমিক শিক্ষাত গুণোৎসৱৰ প্ৰাসংগিকতাৰ বিষয়ে অধ্যয়ণঃ
গুণোৎসৱ হৈছে চৰকাৰে সঠিক সময়ত লোৱা এক সঠিক সিদ্ধান্ত। ইয়াৰ যোগেদি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি, ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱ অভিযোগ, বিভিন্ন সমস্যাখিনি অনুধাৱন কৰাত গুণোৎসৱ এক পদক্ষেপ হ’ব পাৰে। বৰ্তমান চৰকাৰী খণ্ড বিদ্যালয়ৰ আন্তঃগাঁঠনি ব্যক্তিগত খণ্ডতকৈ উন্নত হলেও তেওঁলোকৰ শৈক্ষিক পৰিৱেশ চকুত লগা বিধৰ। চৰকাৰী খণ্ডৰ দোষ-ক্ৰটি সমূহ চিনাক্ত কৰি তাক সফল ৰূপ দিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে গুণোৎসৱৰ কাৰ্যাৱলীসমূহ। গুণোৎসৱৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্রীয়ে বিদ্যালয়ত কি শিকাইছে, ছাত্র-ছাত্রীসকলে কি শিকিছে নাইবা শিকিছে নে নাই– এইবিলাক বিষয়ত তথ্য সংগ্রহ কৰা হয় আৰু বিদ্যালয়বিলাকক গ্রেড দিয়াৰ ব্যৱস্থা কৰা হয়৷ আনকি ছাত্র-ছাত্রীসকলকো গ্রেড দিয়া হয় ৷ একোখন বিদ্যালয়ে ভৱিষ্যতে কিমান ভাল ফলাফল দেখুৱায় সেই বিষয়ে জনাৰ বাবে গুণোৎসৱৰ ৰেকর্ড পৰৱর্তী সময়ৰ পর্যবেক্ষকসকলে পৰীক্ষা কৰি চাব পাৰিব আৰু সেই অনুহৰি ব্যৱস্থা গ্রহণ কৰিব৷ গতিকে ইয়াৰ দ্বাৰা ৰাজ্যৰ নিম্ন আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থাত কিছু পৰিমাণে হ’লেও সংস্কাৰ সাধন হ’ব বুলি আশা কৰিব পাৰি। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই বিশেষ পদক্ষেপৰ জৰিয়তে বিদ্যালয় সমূহৰ শিক্ষাদানৰ মানদণ্ড, শিক্ষকসকলৰ জ্ঞানৰ মানদণ্ড, শিক্ষা সমলসমূহৰ সঠিক ব্যৱহাৰ, চাফ চিকুণতাৰ মানদণ্ড, নৈতিক শিক্ষা গুণগত আদি শিক্ষাৰ সকলো আনুসংগিক দিশ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে বিগত ৯ বছৰ ধৰি বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত এই গুণোৎসৱৰ কায্যসূচী গ্ৰহণ কৰি আহিছে আৰু দেশৰ ভিতৰত গুণোৎসৱৰ আয়োজন কৰা দ্বিতীয়খন ৰাজ্য হৈছে অসম। এই গুণোৎসৱ কায্যৰ্সূচী গ্ৰহণৰ জৰিয়তে অসমৰ শিক্ষকসকলৰ দায়বদ্ধতা বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰিব পাৰি৷ লগতে এইবেলিৰ দৰে প্ৰতিবছৰে অসমৰ বিদ্যালয়সমূহত গুণোৎসৱৰ কাৰ্যসূচী পালন কৰিব লগতে হাইস্কুলসমূহতো নাক (NAAC)-ৰ নিয়মানুসৰি
২০১৭ চনৰ ১ ছেপ্তেম্বৰৰ পৰা মূল্যায়ন নিৰূপণ কৰা হ’য়৷ বিদ্যায়তনিক ক্ষেত্ৰত মূল্যায়ণ কৰোতে ছাত্ৰ-ছাত্ৰীৰ বিষয় আৰু দক্ষতাৰ মূল্যায়ণ কৰা হ’য়। দক্ষতাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঠন-লিখন-মূল্যায়ণ হ’য়। বিষয়ভিত্তিক মূল্যায়ণৰ বাবে বিজ্ঞান, অংক, সমাজবিজ্ঞান তথা ভাষাবিজ্ঞানৰ মূল্যায়ণ কৰা হ’য়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডৰ সামগ্ৰিক মূল্যায়ণৰ নতুন দিগন্তৰ সূচনা হ’ব। ইয়াৰ বাবে কেৱল চৰকাৰী খণ্ডৰ পদক্ষেপেই যথেষ্ঠ নহয় । বিদ্যালয়ৰ শিক্ষকসকল আৰু সাধাৰণ ৰাইজেইও সক্ৰিয় সহযোগ আগবঢ়াব লাগিব। মুঠতে বৰ্তমানৰ প্ৰাথমিক শিক্ষা পদ্ধতিক উন্নত পৰ্যায়লৈ নিবলৈ গুণোৎসৱৰ গুৰুত্বপূৰ্ণ প্ৰাসংগিকতা আছে বুলি ক’ব পাৰি।
ফলাফলঃ
উক্ত আলোচনা জৰিয়তে আমি বহুটো ফলাফল প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ। সেই ফলাফল সমূহৰ ভিতৰত প্ৰধান কেইটামান ফলাফল তলত উল্লেখ কৰা হ’লঃ
১) গুণোৎসৱে ৰাজ্যৰ সামগ্ৰিক প্ৰাথমিক শিক্ষা ব্যৱস্থালৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে বুলিব পাৰি।
২) ইতিমধ্যে অসমৰ ৮ খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ সফলতাৰে ৰূপায়িত কৰাৰ পাছত শিক্ষাখণ্ডৰ উৎকৰ্ষ সাধনৰ অৰ্থে পৰৱৰ্তী কালত নিদানমূলক শিকনৰ কাৰ্যসূচী, শিক্ষক-শিক্ষয়ত্ৰী আদিৰ ব্যৱস্থা চৰকাৰে হাতত লৈছিল।
৩) প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মান সামগ্ৰিক ভাৱে উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ ভিতৰত “গুণোৎসৱ” এক অতি উল্লেখনীয় পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
৪) গুণোৎসৱে অসমৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত জ্ঞান-দক্ষতা আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ এক প্ৰয়াস কৰা হৈছে বুলি ক’ব পাৰি।
৫) গুণোৎৱৰ জৰিয়তে বিদ্যালয়ৰ উচ্চ শ্ৰেণীত কৰ্মৰত উপযুক্ত ডিগ্ৰীধাৰী ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়াকৰণ কৰিবলৈ অনুৰুধ কৰা দেখা গৈছে।
৬) গুণোৎসৱৰ জৰিয়তে চৰকাৰৰ বিষয়ববীয়াসকলে প্ৰাথমিক বিদ্যালয়বোৰৰ শৈক্ষিক দিশত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।
সামৰণিঃ
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে, গুণোৎসৱ হৈছে বৰ্তমান বহুলভাৱে চৰ্চা লাভ কৰা এটা বিষয়। ইয়াৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাটোৰ কিছু পৰিমাণে পৰিবৰ্তন সাধন হোৱা পৰিলক্ষিত হৈছে আৰু ভৱিষ্যতেও ইয়াৰ যোগেদি অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ উন্নতি আশা কৰিব পাৰি।
যিহেতু গুণোৎসৱৰ জৰিয়তে অসমৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষা খণ্ডৰ এটা সামগ্ৰিক বিকাশৰ চেষ্টা কৰিছে । প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নয়ণৰ ক্ষেত্ৰত ই অতি সহায় হ’ব বুলি ক’ব পাৰি। গতিকে ক’ব পাৰি যে গুণোৎসৱ বৰ্তমান অসমৰ আধুনিক শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰখনৰ এক আদৰ্শস্বৰূপ।
Join Our WhatsApp Group- Click Here
You can Donate us through UPI ID- joonak@ybl

