শংকৰদেৱ-ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস আমি জানো আহক

Joonak.in
0
ঢেকীয়াখোৱা বৰনামঘৰ 


শংকৰদেৱ-ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস আমি জানো আহক
এসময়ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হোৱাৰ পিছত শঙ্কৰদেৱে তেওঁৰ প্রিয় শিষ্য মহাপুৰুষ মাধৱদেৱ আৰু তেওঁৰ ভনী জোঁৱায়েক হৰি জোঁৱায়েকৰ সৈতে আন ভক্তসকলৰ সৈতে ধৰ্ম প্ৰচাৰ কৰি আছিল য'ত কৰিছিল তাত তেখেতসকলৰ বিৰোধী লোকসকলে সেই সময়ৰ অসমৰ ৰজাক নানা কথা লগাবলৈ ধৰিছিল । ৰজাইও আনৰ কথা শুনি তেওঁলোকক প্ৰথম হাতী অহা ৰাস্তাত ৰখীয়া হবলৈ দিছিল । ৰজাৰ হুকুম মানিবই লাগিব বাবে মাধৱদেৱৰ সৈতে আন ভক্তসকলৰ সৈতে আলোচনা কৰি হাতী অহা ৰাস্তালৈ ওলাই আহিল । তেনেদৰেই থাকোতে সিফালৰ পৰা হাতীয়ে খেদি অহা দেখা পালে,হাতীজাকৰ আগত এটা বগা হাতী দেখি শংকৰদেৱে কৈছিল ,বাপুসকলআমি যি ধৰ্ম বৰণ কৰিছোঁ সেই ধৰ্ম বগা অৰ্থাৎ সত্য আৰু আগত অহা হাতীটো বগাগতিকে এৰি দিয়াই ভাল বুলি কোৱাত ভক্তসকলে বাট এৰি দিছিল,বগা হাতীটো গুচি গ'ল । এই কথাও বিৰোধী সকলে ৰজাক বিভিন্ন ধৰণে লগাই দিছিল । লগনীয়াৰ কথা শুনি ৰজাই খঙত শঙ্কৰক ধৰি নিবলৈ চোৰাংচোৱাক আদেশ দিছিলইফালে ভক্ত সকলেও আলোচনা কৰি আগতেই শঙ্কৰক পলুৱাই পঠাইছিলতেওঁ মান্তি হোৱা নাছিল যদিওমাধৱদেৱে তেওঁক বুজাই দিছিল যে আপুনি জীয়াই থাকিলে বহুত কাম হ'আমি থাকিলে সিমান কাম নহবও পাৰে এই বুলি শংকৰৰ চৰণত ধৰি বুজাই পলুৱাই পঠাইছিল । ভক্ত সকলৰ অনুৰোধত তেওঁ গুচি যোৱাৰ পিছত মাধৱদেৱ আৰু হৰি জোঁৱাই থাকিল শংকৰৰ কথা সোধাত নাজানো বুলি কোৱাত এওঁলোককে ৰজাৰ ওচৰলৈ ধৰি লৈ গৈছিল । মাধৱদেৱৰ পৰিচয় সোধাত কলে মই বৈৰাগী মানুহ,বিয়া-বাৰু কৰা নাই মোৰ কোনো নাইহৰি জোঁৱাইক সোধাত কলে মোৰ মাতৃ আৰু পত্নী আছে।তেতিয়া হৰিজোঁৱাইক কাটিবলৈ ৰজাই আদেশ দিলে । লগতে কলে মাধৱক কাটিলে একো লাভ নহব কাৰণ তাক কাটিলে কান্দোতা কোনো নাইএই বুলি কোৱাত মাধৱদেৱৰ জীৱন ৰক্ষা পৰিছিল । কিন্তু মাধৱদেৱে কটা ঠাইলৈ যাব খোজাত লৈ গ'তেতিয়া মানুহ কাটিছিল মেচাগড়ৰ পুখুৰী পাৰত ।  অন্তিম সময়ত হৰিজোঁৱাৰে গুৰুক স্মৰণ কৰিবলৈ সময় খোজাত তেওঁ ঈশ্বৰক ধ্যান কৰিব ধৰিলে আৰু মাধৱদেৱে এটি গীত গাবলৈ ধৰিলে। " ভয়োভাই সৱধান যাবে নাহি ছুটে প্ৰাণ,গোবিন্দৰ ফৰমান নিকটে মিলাৱে জান '' ধ্যান কৰা শেষ হ'লত ,কটোৱালক কাটিবলৈ হৰিয়ে আদেশ দিয়াত তেওঁৰ ডিঙিত ঘাপ মাৰি দিছিল আৰু তেতিয়া তেওঁ ৰামৰ নাম লৈ মৃত্যু মুখত পৰিছিল । কিন্তু আচৰিত তেওঁক কটাৰ পিছতো তেজ ওলোৱা নাছিল বগা ধোঁৱা হৈ ওপৰলৈ উৰি গৈছিল । তৰোৱালটো তেজ নালাগিল যিহেতু মানুহ কটা দাগ ৰজাক দেখাব লাগেএই কাণ্ডত আচৰিত হৈ ৰজাক সকলো কথা জনালেগৈ। লগতে মাধৱদেৱে গীত জুৰি হাত চাপৰি মাৰি নচা কথাও কলেৰজাই এই কথা শুনি কলে তেন্তে সিহঁত যাদুকৰ মানুহ বন্দী কৰি ৰখাই ভাল । ৰজাৰ হুকুম শুনি মাধৱদেৱক বন্দী কৰি থলেভোক -পিয়াহত টোপনি নহাত পুৱতি নিশা তেওঁ গীতৰ এটি ৰাগ জুৰিলে ।

ৰাগৰ টোপনিত ৰজাই সাৰ পাই কিহৰ চিঞৰ বুলি দূতক সোধাত কলে মাধৱ বোলা জনে গীত গোৱা কথা তেতিয়া ৰজাই কলে তেন্তে তেওঁ মানুহ নহয় তেওঁ দেৱতাহে । ই থাকিলে মোৰ বিপদহে হ'ব তাক এৰি দিয়াই ভাল বুলি কোৱাত মাধৱদেৱক যাবলৈ আদেশ দিছিল কিন্তু মাধৱদেৱে কলে আগতে এবাৰ আমাক মুক্তি দিওঁ বন্দী কৰি থলেগতিকে ৰজাই নিজ হাতেৰে মুক্তি দিলেহে যাম বুলি কোৱাত ,ৰজাই এওঁ সাধাৰণ মানুহ নহয় বুলি ধন-সোণেৰে সন্মানৰে বিদায় দিলে কিন্তু মাধৱে কোনো ধন-সোণ নললে কলে আমি বৈৰাগী মানুহ এইবোৰ আমাক প্ৰয়োজন নাই আপুনি যে আমাক মুক্তি দিছে সেয়াই যথেষ্ট বুলি কৈ ৰজাৰ পৰা বিদায় লৈ তেওঁ লঘোনে-ভোকে হাবিত সোমালগৈ । এতিয়া ( যি ঠাইত নামঘৰটো আছে তাত ) তেতিয়া সেই ঠাইতে এহাল বুঢ়া-বুঢ়ী আছিল,তেওঁলোকে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰিছিল । সেইদিনা মাধৱদেৱে তেওঁলোকৰ ঘৰতে সোমাইছিল কিন্তু সেইদিনা তেওঁলোকৰ ঘৰত চাউল আছিল মাত্ৰ একঠা। মাধৱদেৱক অতিথি হিচাপে পাই তেওঁলোকেও আনন্দ পাইছিল । মাধৱদেৱক ওচৰৰ জানটোত গা ধুবলৈ অনুৰোধ কৰিলে । এই জানটোৰ নাম আছিল হোলোঙা জান । এই জানৰ পানীৰ দাঁতিলৈ এটা ডাঙৰ গছৰ মুঢ়া আছিল তাতে বহি হাত-ভৰি ধুই গা ধুইছিল এই মুঢ়াটো এতিয়াও আছে । ( তলত চাব মই দিয়া ফটো কেইখন ) ইয়াত ভৰি লাগিলে অপকাৰ হয় বুলিও বিশ্বাস কৰে। তেওঁৰ বাবে চাউল আছিল যদিও শাক নাছিল বাবে বুঢ়াই বুঢ়ীক কলে আমি আজি লঘোনে থাকি তেওঁৰ বাবে ঢেঁকীয়া শাককে যোগাৰ কৰি দিবলৈযিহেতু তেওঁ ভোকত আছে । ভাত গুৰুৱে নিজেই গা ধুই ৰান্ধিছিলবুঢ়া বুঢ়ীয়ে নিজৰ বাবে একো যোগাৰ নকৰা দেখি কলে আমাৰ হ'ব ,আপোনাৰ হলেও হ'ব । কিন্তু মাধৱে চাউল যে আৰু নাই সকলো কথা জানিছিল তেওঁলোককো গা ধুই আহি নিজৰ লগতে ভাত খোৱাৰ কথা কোৱাত বুঢ়া-বুঢ়ীয়ে কলে চাউল কেৱল আপোনাৰ বাবেহে দিয়া হৈছে,আপুনি লঘোনত আছে যেতিয়া আপুনিয়ে গ্ৰহণ কৰক । তেতিয়া মাধৱে হাঁহি মাৰি ঢাকনি গুচাই কৈছিল,চাওঁকচোন ইমান খিনি অন্ন কিয় নুজুৰিব তেতিয়া বুঢ়া-বুঢ়ীও কাণ্ড দেখি আচৰিত হৈছিল মাত্ৰ একঠা চাউলতে ইমান বেছি হোৱা বাবে আৰু ভাবিলে এওঁ মানুহ নহয় ভগৱানহে হয় । অলপ পিছতে সকলোৱে মিলি ভোজন কৰিলে মাজতে মাধৱে সুধিলে ঢেঁকীয়া আঞ্জা খিনি কেনে হৈছে বুঢ়াই কলে উত্তম এনেকুৱা আঞ্জা আমি কোনো দিনেই খোৱা নাছিলোঁআপোনাৰ ভক্তিৰেহে ইমান সোৱাদ হৈছে । এনেদৰে কথা পাতি সকলোৱে শুই গ'ল ।

ৰাতি বুঢ়া-বুঢ়ীৰ চিন্তা হ'আজি বাৰু ভাত সাজ খুৱালে কিন্তু কাইলৈ পোৱা কি খুৱাব । তেনেতে বুঢ়ীয়ে এটা উপায় বিচাৰি পাইছিল আৰু বুঢ়াক কলে আপুনি মোৰ চুলি কাটক আৰু দুয়ো চেং গুঁঠো । ইয়াকে বিক্ৰী কৰি যি পইচা পাম গুৰুক চাউল যোগাৰ কৰি সেৱা কৰিব পাৰিম ।তাকে ভাবি দুয়ো চেং গুঁঠি থলে । তাৰ পৰা ডেৰ মাইলমানৰ আঁতৰত এটা পুখুৰী আছিল বৰ্তমান এই পুখুৰীটো পিটনিত পৰিণত হৈছে বুলি জনা গৈছেএই পুখুৰীৰ পাৰতে এখন হাট বহিছিল আৰু তাৰ কাষেদি এটা জান বৈ গৈছিল । সেইবাবে এই ঠাই আৰু পুখুৰী আজিও হাট জানৰ পুখুৰীৰ পাৰ বুলি জনা যায় বুলি কয় । পিছদিনা বুঢ়ীয়ে চেং লৈ বজাৰত বহিল গৈ আনকালে ইমান চেং বিক্ৰী হোৱা নাছিল কিন্তু সেইদিনা খুব সোনকালেই বিক্ৰী হৈছিল আৰু আগতকৈ অধিক দামত পাইছিল । সেই পইচাৰে বজাৰ কৰি গুৰুক চাউল যোগাৰ কৰি দিলে মাজতে মাধৱে বুঢ়াক কলে আমি এই ঠাইতে এগছি বন্তি জ্বলাই ৰাখিব বিচাৰো যদি আপুনি অনুমতি দিয়েকিন্তু বুঢ়ীয়ে আপুনি সন্মত হলেই হ'ব বুলি কোৱাত গুৰুজনে কেইজন মান গঞা লোকক মাতি আনিবলৈ কলে । তেতিয়ালৈ গুৰুৰ ভাত ৰন্ধা হৈ গৈছিল আৰু তিনিও খাই বৈ ৰাইজক গুৰুজনে ইয়াত এগছি বন্তি জ্বলাই ৰাখিব বিচৰা কথাখিনি জনালে তেতিয়া ৰাইজে কলে এইটো উত্তম কথা আপোনাৰ ইচ্ছা পূৰ্ণ কৰক । তেতিয়া ৰাইজৰ কথা শুনি কেইটামান বৰগছৰ ডাল আনি দিবলৈ অনুৰোধ কৰাত ৰাইজে কেইডালমান ডাল আনি দিলে । আৰু সেইডালে গুৰুৱে আঠটা খুঁটা বহুৱালে,উত্তৰ,দক্ষিণ আৰু পশ্চিমে তিনিও ফালে খুটি মাৰিছিল । য'ত গুৰুৱে ভাত ৰান্ধি ভোজন কৰিছিল সেই ঠাইতে এগছি বন্তি জ্বলাই মাধৱদেৱে সেৱা কৰিছিল । সেৱাৰ পাছত গুৰুজনে ৰাইজক কৈছিলতেল- শলাকানি দি প্ৰতিপালন কৰিলে অনন্তকাললৈ এই বন্তি জ্বলি থাকিব । লগতে কৈছিল এই জানটিত যিডাল নাহৰ কাঠেৰে মানুহ পাৰ হ'বৰ বাবে সাঁকো দিয়া আছে,সেই সাকোঁৰ নামেৰে এই থানৰ নাম নাহৰ সাঁকো ৰাখিলোঁ ,আৰু এই থানৰ প্ৰতি যাৰ ভক্তি হ'ব তেওঁৰ সকলো বিপদ পাৰ হ'ব পাৰিব বুলি তেওঁ জনাইছিল । বুঢ়ীয়ে মূৰৰ চুলি বেছি চাউল কঠা দিহা কৰা বাবে এই জানটিৰ নাম বুঢ়ীদিহা হ'ঢেঁকীয়া পাচলিৰ আঞ্জা খাই তৃপ্তি পোৱা বাবে গাওঁখনৰ নাম ঢেঁকীয়াখোৱা নামেৰে প্ৰখ্যাত হ'ব বুলি কৈ গ'ল । (গুৰুৱে ৰোৱা বৰগছ এতিয়াও তাত আছে বুলি জনা যায় ) কিছুদিনৰ পিছত বুঢ়া-বুঢ়ীৰ মৃত্যুৰ পিছত গাঁৱৰ ৰাইজে এই ঠাইতে ( বৰ্তমান যি ঠাইত ঢেঁকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠিত ) এটা খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে । সেইমতে আজিও চলি আছে আৰু অনন্তকাললৈ চলি থাকিব বুলি আশা কৰিছে ৰাইজে । বাকী কেইমাহত দৈনিক গঞা ৰাইজে গোটখাই নাম-প্ৰসঙ্গ আৰু ভাগৱত পাঠ কৰে বুলি জনা যায় ।

সংগ্ৰহঃ ফে'চবুক

Join Our WhatsApp Group- Click Here

You can Donate us through UPI ID- joonak@ybl
loading...

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top