কৰণ জোহৰৰ প্ৰকৃত নাম কি জানে নে?

Joonak.in
0
karan-johar-original-name

কৰণ জোহৰৰ প্ৰকৃত নাম কি জানে নে?


হিন্দী চিনেমাৰ সু- পৰিচিত প্ৰযোজক আৰু পৰিচালক কৰণ জোহৰৰ প্ৰকৃত নাম কৰণ নহয় আৰু তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকছ্নৰ নামো তেওঁৰ নামৰ সৈতে একো মিল নাই।
দৈনিক জাগৰণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দিল্লীত অনুষ্ঠিত দুই দিনীয়া জাগৰণ ফোৰামত কৰণ জোহৰে প্ৰকাশ কৰিছে যে ধৰ্ম প্ৰডাকছ্ন তেওঁৰ নামৰ পৰা লোৱা হোৱা নাই আৰু তেওঁৰ প্ৰকৃত নামো কৰণ জোহৰ নহয়। কৰণে কয় যে তেওঁৰ প্ৰকৃত নাম হৈছে ৰাহুল। কিন্তু, তেওঁৰ মাতৃয়ে কুণ্ডলীৰ অনুহৰি কৰণ ৰাখে। লগতে কৰণে কয় যে তেওঁৰ প্ৰকৃত নাম হৈছে ৰাহুল কুমাৰ জোহৰ।
তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকছ্ন কিয় ৰখা হল এই সম্পৰ্কত তেওঁ উল্লেখ কৰে যে কৰণৰ পিতৃ য়শ জোহৰৰ হিন্দুজা পৰিয়ালৰ লগত পাৰ্টনাৰশ্বিপ আছিল আৰু হিন্দুজা পৰিয়ালৰ এজন লৰাৰ নাম আছিল ধৰ্ম হিন্দুজা। এই ধৰ্ম হিন্দুজাৰ নামৰ পৰাই কৰণ জোহৰৰ কোম্পানীৰ নাম ধৰ্ম প্ৰডাকছ্নল।

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top