Redmi আৰু Mi একে নে? পাৰ্থক্য জানো আহক…

Joonak.in
0
redmi-vs-mi-assamese

Redmi আৰু Mi একে নে? পাৰ্থক্য জানো আহক


প্ৰায়েই আমাৰ মনত প্ৰশ্ন হয় যে Redmi আৰু Mi এই দুইবিধ ফোন একেটা কোম্পানীয়ে বনাই নে বেলেগ বেলেগ কোম্পানীয়ে বনাই? যদি একেটা কোম্পানীয়ে বনাই তেনেহ'লে নো এই দুইবিধ ফোনৰ মাজৰ পাৰ্থক্য কি, ইয়াৰ দুটা নাম কিয়?
Xaomi হৈছে এটা চীনৰ কোম্পানী যিয়ে এই দুবিধ ফোন বনাই। এই কোম্পানীটো আৰম্ভ হৈছিল ২০১০ চনৰ ৬ এপ্ৰিলত। এই কোম্পানীটো আৰম্ভ কৰিছিল চীনৰ Shivani Talwan Xaomi এ প্ৰথমে Software ৰ কাম আৰম্ভ কৰিছিল (Android base MIUI) আৰু পাছলৈ ২০১১ চনত Xaomi এ প্ৰথম Smartphone  সাজি উলিয়াই। এই কোম্পানীটোয়ে অতি কম সময়ত সফলভাৱে আগুৱাই গৈ ২০১৪ চনত দেশৰ (চীন) আটাইতকৈ বৃহত্ Smartphone কোম্পানী হয়গৈ। লগতে উল্লেখনীয় কথাটো হল যে Xaomi হৈছে বিশ্বৰ পঞ্চমটো বৃহত্ Smartphone কোম্পানী। বৰ্তমানলৈকে ইয়াৰ কোনো Offline Store বা খুচুৰা দোকান নাই। সমগ্ৰ পৃথিৱীতে এই ফোন অনলাই যোগে বিক্ৰী হয়।
তলত Redmi আৰু Mi ৰ কেইটামান পাৰ্থক্য উল্লেখ কৰা হল-
১) Redmi ৰ ফোনবোৰ Budget বা দামৰ ওপৰত ভিত্তি কৰা তৈয়াৰ কৰা হয়। এই ফোন বিলাকৰ মূল্য Mi ৰ তুলনাত কম। আনহাতে,
Mi ৰ ফোনবিলাক Quality বা ক্ষমতাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় অথবা ইয়াৰ ফোনবোৰ High Quality বা উচ্চ ক্ষমতাসম্পন্ন হয় আৰু Redmi ৰ তুলনাত ইয়াৰ মূল্যও অধিক হয়।
২) Redmi ৰ ফোনবিলাক Casual বা সাধাৰণ ব্যৱহাৰকাৰী সকলৰ বাবে তৈয়াৰ কৰা হয়। Heavy বা ৰাফ্ ব্যৱহাৰকাৰীয়ে এই বিধ ফোন ব্যৱহাৰ কৰি ভাল নাপাব।
আনহাতে, Mi ৰ ফোনবিলাক Heavy বা ৰাফ্ ব্যৱহাৰকাৰী সকলৰ বাবে তৈয়াৰ কৰা হয়। এই ফোনবিলাকত আকৰ্ষণীয় Speed আৰু Processing দিয়া হৈছে
৩) Mi ফোনবিলাক উচ্চ ক্ষমতাসম্পন্ন আৰু  Design ও ধাতুভিত্তিক। ইয়াৰ Software বিলোকো Redmi ৰ তুলনাত অধিক fast আৰু হেং আদি সমস্যাৰ সৃষ্টি নহয়।
কিন্তু, Redmi ৰ  মেটেল বা  ধাতু Mi ৰ তুলনা কম ক্ষমতাসম্পন্ন।
৪) Mi Series ৰ কেইটামান ফোন হৈছে- Mi Mix2, Mi A2.
ঠিক সেইদৰে, Redmi Series ৰ কেইটামান ফোন হৈছে- Redmi 4, Redmi 5A, Redmi 6, Redmi 6A, Redmi 6 Pro, Redmi Note 6 Pro, Redmi Note 5
ওপৰৰ পাৰ্থক্য সমূহৰ পৰা কব পাৰি যে Xaomi এটা কোম্পানী আৰু Redmi আৰু Mi হৈছে ইয়াৰ অন্তৰ্ভুক্ত দুটা ব্ৰেণ্ড।

Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top