Rishabh
Pant- ঋষভ পণ্ট হৈছে আটাইতকৈ যুৱ তথা উদীয়মান ভাৰতীয় খেলুৱৈ। পণ্টে
২০১৫-১৬ চনৰ ৰঞ্জী ট্ৰফীৰ প্ৰথম শ্ৰেণীৰ প্ৰথম মেচ খেলিছিল আৰু সেই একে বছৰতে বিজয়
হাজাৰী ট্ৰফীটো প্ৰথমখন মেছ খেলিছিল। ২০১৬ চনৰ ভিতৰতে তেওঁৰ খেলৰ প্ৰতি আকৰ্ষিত হৈ
১৯ অনুৰ্ধৰ বিশ্বকাপৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছিল।
ভাৰতৰ যুৱ খেলুৱৈ ঋষভ পণ্ট- Rishabh Pant Biography Assamese
ঋষভ পণ্টৰ
জন্ম হৈছিল ১৯৯৭ চনৰ ৪ অক্টোবৰ তাৰিখে উত্তৰাখণ্ডৰ হৰিদোৱাৰত। তেওঁৰ পিতৃৰ নাম
হৈছে ৰাজেন্দ্ৰ পণ্ট।
|
ঋষভ
পণ্টৰ কেৰিয়াৰ- Rishabh Pant Career
২০১৫ চনৰ
২২ অক্টোবৰত ঋষভ পণ্টে ৰঞ্জী ট্ৰফীত প্ৰথমখন মেচ খেলিছিল। আই পী এল তৃতীয়খন মেছত
ঋষভ পণ্টে গুজৰাট লায়ন্সৰ বিৰুদ্ধে আকৰ্ষনীয় ৪০ টা বলত ৬৯ ৰাণ সংগ্ৰহ কৰি নিজৰ টীম
দিল্লীকো এক সুন্দৰ জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। সেইখন পণ্টৰ কেৰিয়াৰৰ তৃতীয়খন
মেচ আছিল।
ঋষভ পণ্টে
প্ৰথমটো অৰ্ধ শতক কেৱল ২৫ টা বলত সম্পূৰ্ণ কৰিছিল আৰু অৰ্ধশতক সংগ্ৰহ কৰি তেওঁ আই পী এলৰ দ্বিতীয়জন আটাইতকৈ
যুৱ খেলুৱৈ হিচাপে জিলিকি উঠিছিল। ২০১৭ চনৰ আই পী এলৰ দিল্লীত অনুষ্ঠিত হোৱা এখন
মেচত ৪৩ টা বলত আকৰ্ষনীয়ভাবে ৯৭ ৰাণ সংগ্ৰহ কৰিছিল।
২০১৬-১৭
চনত হোৱা ৰঞ্জী ট্ৰফীত ঋষভ পণ্টে মহাৰাষ্ট্ৰৰ বিৰোদ্ধে ৩০৪ ৰাণ সংগ্ৰহ কৰি ত্ৰি-শতক
অৰ্জন কৰিছিল আৰু ত্ৰি-শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় যুৱ খেলুৱৈ হিচাপে চিহ্নিত হয়।
ইয়াৰ উপৰিও অতি কম বয়সত ত্ৰি-শতক অৰ্জন কৰা পৃথিৱীৰ চতুৰ্থজন খেলুৱৈ হিচাপে স্থান
লাভ কৰে।
২০১৬ চনৰ
৪ নবেম্বৰত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফীত ঋষভ পণ্টে আটাইতকৈ দ্ৰুততম শতৰাণৰ কীৰ্তি
অৰ্জন কৰিলে। পণ্টে দিল্লীৰ তৰফৰ পৰা ঝাৰখণ্ডৰ বিৰুদ্ধে খেলি ৪৮ টা বলত ১০০ ৰাণ
কৰে।
২০১৬-১৭
চনৰ বিজয় হাজাৰী ট্ৰফীত ঋষভ পণ্টে গৌত্তম গম্ভীৰৰ সলনি অধিনায়ক হিচাপে স্থান লাভ
কৰিছিল।
২০১৭ চনৰ
১ ফেব্ৰুৱাৰীত পণ্টে তেওঁৰ কেৰিয়াৰৰ প্ৰথমখন টি২০ মেচ বাংগালোৰৰ এম চিন্নাস্বামী
ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল। সেইখন মেচ খেলাৰ পাছতেই তেওঁ ভাৰতৰ সকলোতকৈ
যুৱ খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছিল।
|

