অসমৰ প্ৰাকৃতিক সম্পদ || অসমীয়া ৰচনা - ৬

Joonak.in
1

 


অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণিঃ স্বাভাৱিকভাৱে উত্পন্ন হোৱা সম্পদৰ নামেই প্ৰকৃতিক সম্পদ। দ্বিতীয়তে, প্ৰকৃতিৰ বুকুত উত্পন্ন হোৱা সম্পদকে প্ৰকৃতিক সম্পদ বুলিব পাৰি। এফালৰ পৰা কৃষিজাত দ্ৰব্যবোৰকো প্ৰাকৃতিক সম্পদৰ ভিতৰত সামৰা হয়।

প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগঃ অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। য়েনে- কৃষিজাত, খনিজাত, বনজাত আৰু জলজাত। ধান, মাহ. সৰিয়হ আদি কৃষিজাত সম্পদ। কয়লা, চূণশিল, খাৰুৱাতেল, প্ৰাকৃতিক গেছ আদি খনিজাত সম্পদ। নানা প্ৰকাৰৰ গছ-গছনি, হাতী, গঁড় আদি জীৱজন্তু বনজাত সম্পদ আৰু মাছ, কাছ আদি জলজাত সম্পদ। নৈ, বিল আদিয়ো প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা।

কৃষিজাত সম্পদৰ বিৱৰণঃ  অসমৰ মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পৰ্বতে আগুৰি আছে। সেইবাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহে প্ৰবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওন আৰু ভাদ মাহত অসমত প্ৰৱল বৰষুণ হয়। অসমৰ মাটি সাৰুৱা। গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উত্পন্ন হয়। চাহৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। ভাৰতৰ শতকৰা ৬৬ শতাংশ চাহ অসমত অসমত উৎপন্ন হয়। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। নগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাত ইয়াৰ খেতি বেছি। এইবিলাকৰ উপৰিও আদা, হালধি, ধনিয়া, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ফলৰ ভিতৰত তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস, সুমথিৰা আদি ইয়াৰ পৰা ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।

খনিজাত সম্পদৰ বিৱৰণঃ খনিজাত সম্পদৰ ভিতৰত খাৰুৱা তেলৰ কথাকেই বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতৰ ভিতৰত এই সম্পদ অসমত প্ৰথম। ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, হুগ্ৰীজান, মৰাণ আদি ঠাইত তেল যথেষ্ঠ পৰিমাণে পোৱা যায়। অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে। যেনে- ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও। খাৰুৱাতেলৰ  উপৰিও মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। প্ৰকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী উৎপাদন কৰা হয়।

            তিনিচুকীয়া জিলাৰ জয়পুৰ, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত কয়লাৰ খনি আছে। কাৰ্বি আংলং জিলাত যথেষ্ঠ পৰিমাণে চূণশিল পোৱা যায়। সেইবাবে এই জিলাৰ বোকাজানত এটা বিলাতী মাটি তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ নামবৰ হাবিত এটা গৰমপানীৰ উঁহ আছে। ইয়াৰ পানীত গন্ধক মিহলী হৈ আছে।

বনজাত সম্পদৰ বিৱৰণঃ প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, সোণাৰু, গমাৰী, বনচোম, চেগুণ আদি মূল্যবান কাঠ পোৱা যায়। সেইবোৰৰ উপৰিও বাঁহ-বেত, খেৰ-ইকৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। শিলিখা, আমলখি, ভোমাৰা, শতমূল, সৰ্পগন্ধা আদি ঔষধৰ গছো ইয়াত আছে। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যবান বস্তু। অসমৰ হাবিত হাতী, গঁড়, বাঘ, ভালুক আদি নানা ধৰণৰ পশু আৰু ধনেশ, দেওঁহাঁহ আদি নানা তৰহৰ চৰাই আছে। অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছে- কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰী আৰু ওৰাং। এইবোৰত বিভিন্ন ধৰণৰ পশু-পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।

জলজাত সম্পদৰ বিৱৰণঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্ৰধান আৰু প্ৰিয় খাদ্য। মাছ-কাছ আদিৰ উপৰিও নৈ-বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষাকালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান আৱস্থাঃ বৰ্তমান অসমৰ প্কৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থান উপনীত হৈছে। অসমৰ অৰণ্যত পোৱা বহুমূলীয়া গছবোৰ অসৎ লোকে চৰকাৰৰ অগোচৰে চোৰাংকৈ কাটি অসমৰ অৰণ্যসমূহ টকলা কৰিছে। অৰণ্যত পোৱা বহুমূলীয়া জন্তু তথা চৰাইৰ লগতে কাজিৰঙাত পোৱা আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড়ো চোৰাং চিকাৰীৰ হাতৰ পৰাও হাৰি যোৱা নাই। খনিজ সম্পদসমূহো চোৰাং চিকাৰীৰ কবলত পৰিছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাতৃৰ বুকুৰ পৰা লাসোণকয়লা চোৰাংকৈ আহৰণ কৰিছে। পনীয়াসোণ খাৰুৱাতেল পাইপলাইনত ফুটা কৰি চূৰ কৰাটো প্ৰায় প্ৰতিদিন বাতৰি কাকতত পোৱা যায়। অসমৰ বিভিন্ন নৈ আদিত অসমত মাছ-কাছ আদি ধৰি জলজ সম্পদো নিঃশেষ কৰিব বিচাৰিছে চোৰাং চিকাৰীয়ে। বৰ্তমান অসমৰ কৃষিজাত সম্পদৰো অৱনতি ঘটিছে। এসময়ত উচ্চ শিখৰত আৰোহন কৰা চাহ শিল্পৰ বৰ্তমান পুতৌ লগাকৈ অৱনতি ঘটিছে।

ৰক্ষণা-বেক্ষণ আৰু বিকাশঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ৰক্ষণা-বেক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। চৰকাৰৰ উপযুক্ত আইন প্ৰণয়ন কৰি কঠোৰ ভাৱে ৰক্ষণা-বেক্ষণ নকৰিলে অতিশীঘ্ৰে সুজলা-সুফলা শ্যামলী অসম মাতৃ মৰুভূমিত পৰিণত হব।

            প্ৰকৃতিয়ে বনজ, খনিজ আদি অজস্ৰ সম্পদেৰে অসমী আইক চহকী কৰিছে। কিন্তু অসমীয়া জাতিয়ে প্ৰকৃতিয়ে অবাঞ্চিতে আগবঢ়াই দিয়া অমূল্য সম্পদৰাজি যথাযথভাৱে আহৰণ কৰিব পৰা নাই। এই সম্পদৰাজি আহৰণ কৰিবলৈ অত্যাবশ্যকীয় যন্ত্ৰ পাতি আমদানি কৰা প্ৰয়োজন। তাৰ বাবে যাতায়ত ব্যৱস্থা উন্নত হব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। তদুপৰি আৱশ্যকীয় মূলধন লাগিব। এই প্ৰচেষ্টা অকল ৰাজ্যিক চৰকাৰে আগবঢ়ালে নহব। কেন্দ্ৰীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণ আৰু বিকাশৰ বাবে হাতবাউলি দিব লাগিব।

লাভালাভঃ প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে অনেক ধৰণে উপকৃত হয়। ধান, মাহ আদি ইয়াৰ লোকৰ প্ৰধান খাদ্য। কপাহ, মৰাপাট আদিৰ পৰা নানা ৰকমৰ বস্তু তৈয়াৰ কৰা হয়। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে।

            প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰা বাবে আৰু সেইবোৰৰ পৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে।

সামৰণিঃ সম্পদ থাকিলেই নহয়, সেইবোৰ যথোচিত ব্যৱহাৰ হব লাগে। তেহে সেইবোৰ সাৰ্থক হয়। অসমৰ প্ৰকৃতিক সম্পদসমূহৰ আটাইবোৰৰ যথোচিত ব্।ৱহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱাতেল, কয়লা, সোণ, গন্ধক আদি খনিজ পদাৰ্থ পোৱা সম্ভাৱনা আছে। পিছে, আটাইবিলাক আহৰণ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়া অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।

Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

1 Comments
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top