মোৰ জীৱনৰ লক্ষ্য
আৰম্ভণিঃ
মানুহৰ আশাৰ পৰিধি অন্তহীন। কল্পনা-বিলাসী মন-দিগন্তৰ পৰিধিত অলেখ কামনাই
লুকা-ভাকু খেলে। মানুহৰ কল্পনাই বিচাৰে বগলীৰ শুধ ডেউকাত দেও দি উৰি উৰি দিগন্তৰ
সিপাৰৰ কোনোবা মনোৰম সপোন ৰাজ্যৰ সতে ৰঙৰ নতুন কাৰেঙ গঢ়িবলৈ। মানুহৰ কল্পনাই
বিচাৰে নেদেখাক চাবলৈ, নোপোৱাক পাবলৈ, অৰ্জুনৰ দৰে গাণ্ডীৱধাৰী হৈ দিগ্বিজয়
কৰিবলৈ, ভীমৰ দৰে গদাধাৰী হৈ বিশ্বৰ সকলো বীৰকে পদ প্ৰান্তত ধাৰাশায়ী কৰিবলৈ।
কিন্তু এই সীমাহীন কল্পনাৰ অন্ত নাই; অন্ত হয় মাথো জীৱনৰ
খেলা। সেয়েহে মনৰ আশাক কৰ্মৰ নাগপাশেৰে বান্ধি জীৱনক আগবঢ়াই নিব পৰাটোৱেই হ’ল এজন মানুহৰ জীৱনৰ প্ৰকৃত লক্ষ্য।
জীৱনত
লক্ষ্যৰ প্ৰয়োজনীয়তাঃ লক্ষ্যহীন জীৱন কাণ্ডাৰীবিহীন
নাৱৰ দৰে। সংসাৰ সিন্ধুত কাণ্ডাৰীবিহীন নাও কোনো বিপদ উৰ্ম্মিৰ বুকুত পৰি চাকনৈয়াৰ
পাকত ঘূৰি ঘূৰি কোনো মুহূৰ্তত সিন্ধুৰ বুকুত বিলীন হৈ যায় কোৱা টান। সেইবাবে সংসাৰ
সিন্ধুত জীৱন তৰী পাৰি দিয়াৰ আগতেই জীৱনৰ লক্ষ্য স্থিৰ কৰি লোৱা উচিত। ছাত্ৰ
জীৱনেই লক্ষ্য স্থিৰ কৰাৰ প্ৰশস্ত সময়। কাৰণ জীৱনৰ লক্ষ্য আগত ৰাখিয়েই শৈশৱৰ পৰাই
প্ৰস্তুতিৰ পথ নিষ্কণ্টক কৰি লব লাগিব। তেতিয়াহে জীৱনত সফলতা লাভ হব। অন্যথাই জীৱন
ব্যৰ্থ জীৱনত পৰিণত হ’ব।
মোৰ লক্ষ্যঃ মই এজন আদৰ্শ
খেতিয়ক হ’ব খুজিছোঁ। সেয়েহে মই আদিৰে পৰাই লক্ষ্যত উপনীত হোৱাৰ পথ সুগম কৰি লবলৈ
সেইমতে আধ্যয়নৰ বাটত আগবাঢ়িব বিচাৰিছোঁ। বিশ্বৰ বিভিন্ন দেশৰ, বিভিন্ন জলবায়ুত
উত্পাদিত হ’ব পৰা শস্য সম্পৰ্কে বিশদ জ্ঞান লাভ কৰিবলৈ হ’লে মই কৃষি মহাবিদ্যালয়ত অধ্যয়ন কৰিব লাগিব।
সেয়েহে মই কৃষি মহাবিদ্যালয়ত অধ্যয়ন কৰি কৃষি স্নাতক হ’ম আৰু মোৰ লক্ষ্যত উপনীত হ’বলৈ নিজকে নিউজিত কৰিম।
সেই
লক্ষ্যত উপনীত হ’বলৈ মোৰ প্ৰস্তুতিঃ
মোৰ লক্ষ্যৰ কথা শুনি বহুত মোক হাঁহিব পাৰে। মোৰ লক্ষ্য অতি নিকৃষ্ট পৰ্যায়ৰ আৰু
উচ্চ শিক্ষালাভ কৰি চহা খেতিয়কৰ শাৰীহে পূৰাব খুজিছোঁ বুলি মোক বিদ্ৰোপ কৰিব। মোৰ
পিতৃ-মাতৃয়েও মোৰ এই লক্ষ্যৰ কথা শুনি অন্তৰত আঘাত পাব। কাৰণ পিতৃ মাতৃৰ আশা, নিজ
সন্তানে উচ্চ শিক্ষা লাভ কৰি হাকিম-মুন্সিফ্ হ’ব, ডাক্তৰ,
ইঞ্জিনিয়াৰ আদি উচ্চ পদবীধাৰী চৰকাৰী বিষয়া হৈ বংশৰ মুখ উজ্জ্বল কৰিব; অজস্ৰ ধন উপাৰ্জন কৰি ঘৰে-দুৱাৰে সমুজ্জ্বল হৈ পিতৃ-মাতৃৰ মুখত হাঁহি
বিৰিঙাব। কিন্তু মোৰ দৃঢ় বিশ্বাস মই বাচি লোৱা পথেৰে গৈও মই অৰ্থৰ উপাৰ্জনৰ লগতে
বংশৰ নামো উজ্জ্বল কৰিব পাৰিম। কিয়নো মই এজন নিৰক্ষৰ, স্বাস্থ্যহীন খেতিয়ক হ’ব খোজা নাই; মই হ’ব খুজিছোঁ
উচ্চ শিক্ষিত সুদক্ষ্য খেতিয়ক। মই জানো,
“নাঙলৰ সীৰলুত লখিমীৰ বিনন্দীয়া সৃষ্টিৰ প্ৰকাশ
লখিমীৰ পৰশৰ সেউজৰ ফলিকাত সোণোৱালী শস্যৰ প্ৰকাশ।
সেউজে মাতিছে মোক লখিমীক আদৰিবলৈ।”
কৃষি মানেই লখিমী। লখিমীৰ পৰশতে বিশ্ব বিনন্দীয়া হৈ উঠে। মই
ভাবিছোঁ কৃষিৰ কৃষ্টিত মই সংস্কৃতিৰ বৰঘৰ সাজিম। অসমৰ নিৰক্ষৰ কৃষকে ধৰাৰ বুকুলৈ
বিজ্ঞানে অনা সেইজ বিপ্লৱৰ উমানকে পোৱা নাই। তাকৰীয়া মাটিত অধিক শস্য উত্পাদন,
ৰাসায়নিক সাৰৰ ব্যৱহাৰ, কীটনাশক দৰবৰ প্ৰয়োগ, জলসিঞ্চনৰ প্ৰয়োগ আদি অসমৰ সাধাৰণ
কৃষকৰ আকাশ-কুসুম কল্পনা। মই ভাবিছোঁ, বিজ্ঞানে আগবঢ়োৱা সকলো সুবিধা প্ৰয়োগেৰে মই
সাাধাৰণ কৃষকৰ ওচৰত এক আদৰ্শ ডাঙি ধৰিম। লগতে শিক্ষিত নিবনুৱা সকলক দেখুৱাম মৰ্যদাসম্পন্ন
জীৱন নিৰ্বাহৰ স্বতন্ত্ৰ প্থ।
আঁচনিঃ
মই বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবৰ বাবে এখন সুপৰিকল্পিত আঁচনি লম। ইয়াৰ বাবে মই
মোৰ প্ৰয়োজনীয় ধন মই চৰকাৰৰ পৰা ঋণ হিচাপে ল’ম আৰু আঁচনি অনুসৰি
ট্ৰেক্টৰ এখনৰ লগতে খেতিৰ সা-সঁজুলি কিনি ল’ম। মোৰ আঁচনিয়ে
খেতি উত্পাদনত যথেষ্ট সহায় কৰিব বুলি মই ন দি ক’ব পাৰো। ধান
খেতিৰ উপৰিও বাগিছা শস্য আৰু ঔষধি গছৰ উদ্যান এখন গঢ়ি তোলাৰ ইচ্ছাও মোৰ আছে।
আদৰ্শঃ
খেতিয়কৰ জীৱন মুক্ত আৰু স্বাধীন। সেয়েহে আজৰি সময় উলিয়াই মই মোৰ গাঁৱৰ খেতিয়কসকলক
বিভিন্ন দিহা পৰ্মৰ্শ দিম। সমাজৰ উন্নয়নমূলক কামত আত্মনিয়োগ কৰি মোৰ আদৰ্শক ৰক্ষা
কৰিবলৈ চেষ্টা কৰিম।
সামৰণিঃ
খেতিয়কসকলে দেশৰ মেৰুদণ্ড। খেতিয়কৰ উন্নতিয়েই দেশৰো উন্নতি। অসমৰ শিক্ষিত যুৱক
সকলে চৰকাৰী চাকৰিৰ আশা পালি নাথাকি কৃষি কৰ্মত নিজকে নিউজিত কৰিলে অসমৰ পথাৰত সোণ
গজিব। মই মোৰ কৃষি কৰ্মৰ জৰিয়তে অসমৰ পথাৰৰ সোণ ফলাম আৰু সেই সোণেৰে আই অসমীক
অলংকৃত কৰিম। হাজাৰ-বিজাৰ কৃষকৰ শেতাপৰা ওঁঠত হাঁহি বিৰিঙাম। হে জগদীশ্বৰ! মোৰ লক্ষ্যত উপনীত হ’বলৈ, সাধনাত সফলতা লাভ কৰিবলৈ
মোক যেন প্ৰেৰণা যোগোৱা, শক্তি দিয়া।


হিয়া ভৰা মৰম থাকিল।আপোনালোকলৈ
ReplyDeleteধন্যবাদ
Deleteমোৰ জীৱন লক Cricketer video bonaida
ReplyDelete👍👍👏👏
ReplyDeleteNice essay 👍👍👍
ReplyDeleteবহুত ধুনীয়া
ReplyDelete