অসমীয়া সাধাৰণ জ্ঞান খণ্ড-১ || Assamese GK Part-1

Joonak
1

 

অসমীয়া সাধাৰণ জ্ঞান খণ্ড-১ || Assamese GK Part-1

১) কোন খন চহৰক "অসমৰ সাংস্কৃতিক ৰাজধানী" বুলিও কোৱা হয়?

উঃ যোৰহাট

২) অসমৰ প্ৰথম অনা-চৰকাৰী মহাবিদ্যালয় হৈছে-

উঃ জে. বি. কলেজ, যোৰহাট

৩) কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?

উঃ ছেপ্টেম্বৰ, ২০১৬ চন

৪) যাদৱ পায়েংৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল?

উঃ মলাই হাবি

৫) কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে "সংৰক্ষিত বন" ( Reserve Forest) হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?

উঃ ১৯০৮

৬) কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হয় (ভাৰততো)?

উঃ মাজুলী

৭) কোন চনত কাজিৰঙাক UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল?

উঃ ১৯৮৫ চনত।

৮) কোন ঠাইক অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়?

উঃ মাজুলী।

৯) ২০১৭ চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান?

উঃ ৫৭১৯ টা।

১০) প্ৰাচীন কচাৰী ৰাজ্যৰ ৰাজধানী কি আছিল?

উঃ ডিমাপুৰ।

১১) কোন চনত মল্লদেৱে (নৰ নাৰায়ণ) নাৰায়ণ উপাধি অৰ্জন কৰে?

উঃ ১৫৪০ চনত।

১২) কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? (Bodoland Territorial Council)

উঃ ২০০৩ চনত।

১৩) জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ ________ সৰ্ববৃহৎ ৰাজ্য।

উঃ ১৫ সংখ্যক।

১৪) নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত?

উঃ কাৰ্বি আংলং জিলাত।

১৫) মলেচ্ছ ৰাজবংশ (Mlechchha dynasty) কাৰ দ্বাৰা স্থাপন কৰা হৈছিল?

উঃ শালস্তম্ভ (Salasthamba)।

১৬) কোন চনত কোচ ৰজা নৰ নাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল?

উঃ ১৫৬৩ চনত।

১৭) শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল চনত __________

উঃ ১৫৬৮ চনত।

১৮) কোনে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উঃ মোমাই তামুলী বৰবৰুৱা।

১৯) কোনে শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব দিছিল?

উঃ ৰাম সিংহ।

২০) ইটাখুলিৰ ৰণ কোন চনত হৈছিল?

উঃ ১৬৮২ চনত।


Join Our Telegram Channel - Click Here

Join Our WhatsApp Group- Click Here

Post a Comment

1 Comments
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top