এটা
শব্দত প্ৰকাশ কৰাঃ
* যাৰ পূৰ্ব জন্মৰ কথা
মনত আছে = জাতিষ্মৰ।
* যি মাটি ফুটি ওলায় =
উদ্ভিদ।
* যাৰ দুই হাত সমানে
চলে = সব্যসাচী।
* যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য।
* দৰমহা নোপোৱাকৈ কাম কৰা মানুহ= অবৈতনিক।
* পানী আৰু মাটিত চলে যি = উভচৰ।
* একে মাকৰ সন্তান = সহোদৰ, সোদৰ।
* যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী।
* যি উপকাৰীৰ উপাৰ স্বীকাৰ নকৰে =
অকৃতজ্ঞ, কৃতঘ্ন।
* যি আনৰ অধীন নহয় = স্বাধীন।
* আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা।
* যি আনৰ লগত মিলিব নোৱাৰে = অসূয়া।
* যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ।
* আনৰ ওপৰত নিৰ্ভৰ কৰা লোক = পৰনিৰ্ভৰশীল।
* যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে =
স্বনিৰ্ভৰশীল।
* যি উপকাৰীৰ শলাগ লয় = কৃতজ্ঞ।
* যাৰ ঈশ্বৰৰ অস্তিত্বত বিশাবস নাই =
নাস্তিক।
* যাৰ ঈশ্বৰৰ
অস্তিত্বত বিশ্বস আছে = আস্তিক।
* এবাৰ গুটি লাগি মৰা
গছ = ঔষধি।
* শৰৎ কালত হোৱা
অনুষ্ঠান = শাৰদীয়।
* একেলগে ওপজা দুটা
সন্তান = যমজ।
* মাটিৰ বাচন গঢ়োতা =
কুমাৰ।
* কাঁহৰ বাচন গঢ়োতা =
কঁহাৰ।
* দা=কুটাৰ গঢ়া লোক =
কমাৰ।
* যি পানীত জন্মে =
জলজ।
* যি বোকাত জন্মে =
পংকজ।
* ভিক্ষাৰ অভাৱ =
দুৰ্ভিক্ষ।
* যি পৰিণাম চিন্তা
কৰি কাম কৰে= পৰিণামদৰ্শী।
* যি কথা কোৱা উচিত
নহয়= অনুচিত।
* আনৰ দোষ দেখা স্বভাৱ=
অসূয়া।
* যাক পূৰাব নোৱাৰি=
অপূৰণীয়।
* যাক সহজে লাভ কৰা
যায়= সুলভ, সহজলভ্য।
* যাক সহজে লাভ কৰিব
নোৱাৰি= দুৰ্লভ।
* য’লৈ যোৱা টান= দুৰ্গম।
* যাৰ সকলো বস্তু
অঁটাকৈ আছে= উভৈনদী, আটন্তিয়াৰ।
* যি মাটিৰ উত্পাদিকা
শক্তি নাই= অনুৰ্বৰা।
* পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ
যি= পুৰুষোত্তম।
* বিপদৰ সময়ত ওলোৱা
বুদ্ধি= প্ৰত্যুৎপন্নমতি।
* চোবাই খোৱা বস্তু=
চব্য।
* চেলেকি খোৱা বস্তু=
লেস্য।
* পি খোৱা বস্তু= পেয়।
* যিয়ে শিৱক পূজা কৰে=
শৈৱ।
* যিয়ে দেৱীক পূজা কৰে=
শাক্ত।
* যিয়ে বিষ্ণুক পূজা
কৰে= বৈষ্ণৱ।
* অতিশয় শীতো নহয়,
উষ্ণও নহয়= নাতিশীতোষ্ণ।
* হঠাতে হোৱা ঘটনা=
আকস্মিক।
* পথৰ পৰি যি বিচলিত
হৈছে= পথভ্ৰষ্ট।
* মাটিৰে নিৰ্মিত=
মৃণ্ময়।
* আগেয়ে নোহোৱা ঘটনা=
অভূতপূৰ্ব।
* ব্যকৰণত যি পাৰ্গত=
ব্যাকৰণিক।
* আগেয়ে নোহোৱা কথা=
অশ্ৰুতপূৰ্ব।
* ফুল নুফুলাকৈ গুটি
হোৱা গছ=বনস্পতি
* শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
* ৰিপুক জয় কৰে
যি=ৰিপুঞ্জয়
* ধান থোৱা ঘৰ= ভঁৰাল
* যি মাছ=মাংস
নাখায়=নিৰামিষাহাৰী
* ভিক্ষা কৰে যি=
ভিক্ষাৰী
* যি খুজি মাগি খায়=
খোজনীয়া, মগনিয়া
* যি আনৰ বস্তু বলেৰে
নিয়ে= ডকাইত
* যি কথা জনা নাযায়=
অজ্ঞাত
* যি কাৰো লগত মিলিব
নোৱাৰে= অজীন=পাতকী
* দুটা মাহৰ মাজৰ দিন=
দোমাহী বা সংক্ৰান্তি
* যি সঁচা কথা কয়=
সত্যবাদী
* যাৰ আগত জন্ম=অগ্ৰজ
* যি নিজে নিজে
হয়=স্বয়ম্ভু
* যাৰ আশ্ৰয়
নাই=নিৰাশ্ৰয়
* যি কথা লগাই
ফুৰে=খলুৱা
* যি পৰিণাম চিন্তা
কৰি কাম কৰে=পৰিণামদৰ্শী
* যি দুই হাত সমানে
চলাব পাৰে=সব্যসাচী
* যি মাটিৰ উৎপাদিকা
শক্তি নাই=অনুৰ্বৰ
* যি বাঢ়িবলৈ
ধৰে=বৰ্ধিষ্ণু
* যি কৰ্তব্য স্থিৰ
কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
* যি মাতৃৰ এটি মাত্ৰ
সন্তান=কাকবন্ধ্যা
* যি পুৰুষে বিয়া
কৰোৱা নাই=অকিঞ্চন
* যাৰ জন্ম নাই=অজ
* যাৰ কথাৰ লাগ বান্ধ
নাই=লপা, চেলেপু।
* যি আনৰ মুখলৈ চাই
থাকে=পৰমুখাপেক্ষী
* যাৰ বিবেচনা শক্তি
নাই=অবিবেচক
* সহজে যি জীণ
যায়=লঘুপাকী
* যাৰ কুল আৰু শীল জনা
নাযায়=অজ্ঞাতকুলশীল
* সকলোকে সমানভাৱে
দেখা=সমদৰ্শী
* যি জানিবলৈ ইচ্ছা
কৰে=জিজ্ঞাসু
* আগে আগে গমন কৰে
যি=অগ্ৰগামী
* পিছে পিছে গমন কৰে
যি=অনুগামী
* যি কম কথা কয়=মিতভাষী
* যি দিনত এবাৰ মাত্ৰ
আহাৰ কৰে=একাহাৰী
* ঘৰে ঘৰে বস্তু
বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
* নোহোৱা বস্তু সৃষ্টি
কৰা=উদ্ভাৱন
* মাটিৰে তৈয়াৰী
শিল্পকৰ্ম=মৃৎশিল্প
* যি মাটিৰে
নিৰ্মান=মৃন্ময়
* যাৰ মৰো মৰো
অৱস্থা=মূমূৰ্ষ
* নাম নধৰাকৈ দিয়া
গালি=গুৱালগালি
* দেউতাকৰ সখিয়েক=
তাৱৈ
* তাৱৈৰ ঘৈণীয়েক=আমৈ
* যি আনৰ অধীন নহয়=
স্বাধীন
* যি আনৰ অধীন=পৰাধীন
* গৰু বন্ধা ঘৰ=গোহালি
* ঘোঁৰা বন্ধা
ঘৰ=অস্তাবল
* যি পথৰ পৰা বিচলিত=
পথভ্ৰষ্ট
* যি কথাৰ অৰ্থ
নাই=অৰ্থহীন, নিৰৰ্থক
* যাক কল্পনা কৰিব
নোৱাৰি =কল্পনাতীত
* যাৰ আদি নাই= অনাদি,
* যাৰ অন্ত নাই=অনন্ত
* যাৰ সীমা নাই= অসীম,
* যাক বৰ্ণনা কৰিব
নোৱাৰি=অবৰ্ণনীয়
* যাক বাৰণ কৰিব
নোৱাৰি =অনিবাৰ্য
* যাক লংঘন কৰিব
নোৱাৰি=অলংঘ্য
* যাক দেখা
নাযায়=অদৃশ্য
* যাক সহজে লাভ কৰিব
নোৱাৰি=দুৰ্লভ
* যাক সহজে পোৱা
যায়=সুলভ * যাৰ নাম নাই =অনামী
* যাৰ সীমা আছে= সসীম
* যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
* যাৰ ধাৰ আছে =ধাৰুৱা
* যি গাঁৱত থাকে =
গাঁৱলীয়া
* যি বিদেশত থাকে =
প্ৰবাসী
* বিদেশৰপৰা অহা লোক =
বিদেশী
* যি ভয় নকৰে =
নিৰ্ভীক
* আনৰ ভাল দেখিব
নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
* একে গুৰুৰ শিষ্য =
হৰিভকত, সতীৰ্থ
* একে শ্ৰেণীতে পঢ়া =
সহপাঠী
* গোটেই জীৱন জুৰি =
আজীৱন
* মাগিলেও ভিক্ষা
নোপোৱা সময় = দুৰ্ভিক্ষা
* জন্মৰ পৰা অন্ধ যি =
জন্মান্ধ
* যি এটা চকুৰে নেদেখে
= কণা
* দুয়োটা চকুৰে নেদেখা
লোক = অন্ধ
* যি কথা কব নোৱাৰে =
মুক; বোবা
* যি শুনাও নাপায়;
কথাও ক'ব নোৱাৰে = মুকবধিৰ
* শাৰীৰিকভাৱে অক্ষম
যি = প্ৰতিবন্ধী
* যাৰ মাক পিতাক মৰিছে
= মাউৰা
* যি পুৰুষৰ তিৰোতা
মৰিছে = বৰলা; বিপত্নীক
* যি তিৰোতাৰ পুৰুষ
মৰিছে = বিধৱা
* স্বামী থকা তিৰোতা =
সধৱা; আয়তী
* নাম গোৱা তিৰোতা =
নামতী
* বিহুৰ আগ দিনা =
উৰুকা
* যি দিনত নেদেখে =
দিনকণা
* যি ৰাতি নেদেখে =
কুকুৰীকণা
* দুই ঘৰৰ মাজৰ ঠাই =
দোঘোৰা
* ঘৰৰ চালৰ পানী পৰা
ঠাই = পানী পচা
* দুই বছৰৰ মূৰত
পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
* পনীয়া গাখীৰ দিয়া
গাই = জলাহী
* শিং নথকা গৰু =
লাওমূৰা
* হাল বোৱা গৰু = বলধ
* ঠেং নথকা ভেকুলীৰ
পোৱালি=লালুকী
* স্মৰণ কৰিবলগীয়া=স্মৰণীয়
* যাৰ বিয়া হোৱা
নাই=অবিবাহিত, আবিয়ৈ
* যাৰ বিয়া
হৈছে=বিবাহিত
* জিভাৰে চেলেকি চাব
পৰা বস্তু = লেহ্য
* জন্তুৰ নিচিনা
যি=জান্তব
* যি গৰমো নহয় ঠাণ্ডাও
নহয় =কুহুমীয়া
* যি ফল কেঁচাও নহয়
পকাও নহয়= ডহেচীয়া
* মাৰ ভনীয়েক =মাহী
* দেউতাৰ ভনীয়েক=পেহী
* মাৰ সতিনীয়েক=বিমাতা,
মাহীমা
* ককাৰ দেউতাক=আজোককা
* কঁঠালৰ সৰু কলি
=মুচি
* খাবলৈ অনা সৰু
কলপুলি=পচলা
* দাঁত ওলোৱা
হাতী=দঁতাল
* মাছ মৰা লোক=মাছুৱৈ;
মাছমৰীয়া
* যি জলত চৰে=জলচৰ
* যি স্থলত চৰে=স্থলচৰ
* যি কণীৰপৰা
জন্মে=অণ্ডজ
* গান গোৱা লোক=গায়ক
* খেলা ধুলা কৰা লোক=খেলুৱৈ
* সোণ ৰূপৰ অলংকাৰ
তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
* চিকিৎসা কৰা
লোক=চিকিৎসক
* গাঁৱৰ মুখিয়াল
ব্যক্তি=গাঁওবুঢ়া
* যি উপকাৰ কৰে=উপকাৰী
* বৰষুণ নোহোৱা
বতৰ=খৰাং
* যাৰ কোনো নাই=অনাথ
* ৰাতিপুৱাই স্মৰণ
কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
* যি একো নাজানে=অজ্ঞ
* যি সকলো
জানে=সৰ্বজ্ঞ; সৰ্বজান
* যাৰ হাত আঁঠুলৈ
আহে=অজানুলম্বিত
* যি এই লোকৰ
নহয়=অলৌকিক
* দেৱতাৰ গুণ
সমৃদ্ধ=দৈৱীয়
* ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
* য'ত কোনো মানুহ নাই=নিৰ্জন
* দেশক ভাল পোৱা
মানুহ=দেশভক্ত
* দেশৰ অপকাৰ কৰা
মানুহ=দেশদ্ৰোহী
* দেশৰ বাবে মৃত্যুবৰণ
কৰা লোক=শ্বহীদ
* গৰু চৰোৱা
লোক=গৰখীয়া
* হাতী চৰোৱা লোক=মাউত
* যি আগতে হোৱা নাই বা
ঘটা নাই=অভূতপূৰ্ব
* যি আগতে হৈছে বা
ঘটিছে=ভূতপূৰ্ব
* যি কেবল নিজৰ কথা
ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
* যি আনৰ হিতৰ কথা
ভাৱে=পৰহিতৈষী
* যি সকলোৰে মাজত
প্ৰিয়=লোকপ্ৰিয়
* যাক সকলোৱে জানে=বিখ্যাত
* যাক কোনেও
নাজানে=অখ্যাত; অজ্ঞাত
* কব নলগীয়া কথা;
যাক কব নোৱাৰি=অবাচ্য; অকথ্য
* যাক শুনিব
নোৱাৰি=অশ্ৰাব্য
* যাৰ জ্ঞান
আছে=জ্ঞানী
* যাৰ ধন আছে=ধনী
* যাৰ মান আছে=মানী
* যাৰ ঋণ আছে=ঋণী
* যাৰ ঘৰ বাৰী
নাই=অঘৰী
* যাৰ একো নাই=নিঃস্ব
* য'ত যাব পাৰি=সুগম
* যি বহুত কথা কয়=
বহুবল্কী
* যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা
লোক=কথাচহকী
* যাৰ মৰণ নাই=অমৰ
* যাৰ ভয় আছে=ভয়াতুৰ
* স্কুলত পঢ়া ল'ৰা ছোৱালী=ছাত্ৰছাত্ৰী
* যাৰ শত্ৰু
নাই=অজাতশত্ৰু
* যি ইন্দ্ৰিয়ক দমন
কৰিছে=জিতেন্দ্ৰিয়
* শাক পাচলি কৰা
ঠাই=শাকনি
* ধান খেতি কৰা
ঠাই=ধাননি
* যাক আগতে শুনা
নাই=অশ্ৰুতপূৰ্ব
* যাক গণনা কৰিব
নোৱাৰি=অগণন
* যাক কথাৰে প্ৰকাশ
কৰিব নোৱাৰি=অনিৰ্বচনীয়
* যি কথা বিশ্বাস কৰিব
নোৱাৰি=অবিশ্বাস্য
* যি কাম কৰা
উচিত=কৰ্তব্য
* যি পুৰি নাযায় =
অদাহ্য
* যি বিদ্যালাভ কৰিছে
= কৃতবিদ্য
* বহুতৰ মাজত প্ৰধান =
শ্ৰেষ্ঠ
* যাক দিব পৰা নাযায় =
অদেয়
* যাক বধ কৰিব পৰা
নাযায় = অবধ্য
* যি খুউব বেছি দীঘল
নহয় = নাতিদীৰ্ঘ
* যাক নিমিষতে ভঙ্গ
কৰিব পাৰি = ক্ষণভঙ্গুৰ
* যাৰ ধৰ্মত মতি
আছে=ধৰ্মপৰায়ণ
* যি সহজে জীণ নাযায় =
অজীৰ্ণ; গুৰুপাকী
* যি অইন ফালে মন দিয়ে
= অন্যমনস্ক
* শৰৎ কালত হোৱা =
শাৰদীয়
* যি গুণীৰ গুণ বুজে =
গুণগ্ৰাহী
* বাটে বাটে যোৱা
মানুহ = বাটৰুৱা
* যাৰ ধৰ্মলৈ ভয় আছে =
ধৰ্মভীৰু
* কোনো কাৰ্য কৰিবলৈ
স্থিৰ কৰা = কৃতসংকল্প
* অশেষ মূল্য যাৰ =
অমূল্য
* দৰমহা নোলোৱাকৈ কৰা
কাম = অবৈতনিক
* যোৱাৰ উচিত বা যোগ্য
= গন্তব্য; গমনীয়
* কাপোৰ বব জনা তিৰোতা
= শিপীনী
* যি কাম কাজত পাকৈত =
কাজী
* একে সময়তে হোৱা =
সমসাময়িক
* ভৱিষ্যত চিন্তা কৰিব
পৰা লোক = দূৰদৰ্শী
* বুকুৰে বগাই যোৱা
প্ৰাণী = সৰীসৃপ
* যি বিশ্বজনৰ বাবে
ভাল = বিশ্বজনীন
* যি সৰ্বাংগ ব্যাপি
আছে = সৰ্বাংগীণ
* ফুল থোৱা পাত্ৰ =
ফুলদানি
* যি কথা কোৱা উচিত =
বক্তব্য; বচনীয়
* জুই ধৰি ৰখা ঠাই =
জুহাল
* নিজৰ ওপজা ঠাই =
জন্মভূমি
* বস্তু বেচা কিনা কৰা
ঠাই = বজাৰ
* যি অলপতে শুনে =
শহাকণীয়া
* যি কাৰো পক্ষত
নাথাকে = নিৰপক্ষ
* যি নিশা চৰে =
নিশাচৰ
* যি সহ্য কৰিব পাৰে =
সহনশীল
* যি মিছা কথা কয় =
মিছলীয়া
* যি ঘৰত ওপজে = ঘৰ=ওপজা
* যি বনত ওপজে = বনজ
* যি নগৰত থাকে =
নগৰীয়া
* বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
* বিদ্যা শিক্ষা কৰা
ঘৰ=বিদ্যালয়
* যি আনলৈ মন দি থাকে=
* পকী ঘৰ নিৰ্মাণ কৰা
লোক= ৰাজমিস্তিৰি
* ধৰ্ম বৰ্ণ নিৰ্বিশেষে
সকলো কে সমান দেখা জন=
* গাখীৰ, মিঠাই বেচা মানুহক=?
* যি ঠাইত পূজা কৰা
হয়=?
* যি বস্তু দিব পৰা
নাযায়=?
* চুহি খোৱা বস্তু=?
* নাও বনোৱা মানুহ=?
* যি তিনিও কালৰ কথা
জানে=ত্ৰিকালজ্ঞ
* জন্তুৰ ঘাঁহ যোগান
ধৰা মানুহ=?
* যি বাহ বেতৰ কাম
কৰে=বাঢ়ৈ
* যি ৰাতি ফুলে=?
* যি জন্ম হয় মৃত্যু
বৰণ কৰে=?
* যাৰ সাহস আছে =
সাহসী
* যি সঁচা কথা কয় =
সত্যবাদী।
* যাক দেখা নাযায় =
অদৃশ্য
* যাৰ পিছত জন্ম =
অনুজ
* অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী ৷
* গৰু বন্ধা ঠাই =
গোহালি
* যি কথাৰ অৰ্থ নাই =
নিৰৰ্থক
* যাক কল্পনা কৰিব
নোৱাৰি = কল্পনাতীত
* যাক বাৰণ কৰিব
নোৱাৰি = অনিবাৰ্য
* যাক লংঘন কৰিব
নোৱাৰি = অলংঘ্য
* যি জনে ভিক্ষাৰে
জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী
* যি নগৰত থাকে =
নগৰীয়া
* আঁঠুলৈ বৈ পৰা =
আজানুলম্বিত
* ভেকুলীৰ পোৱালি =
লালুকি
* দেউতাৰ ভনীয়েক =
পেহী
* কাৱৈ মাছৰ সৰু পোৱালী
= কাৱৈচোকোৰা বা কাৱৈতিলা
* ৰৌ মাছৰ সৰু পোৱালী
= ৰৌমণি
* মাছৰ পোৱালি = পোনা
* গৰৈ মাছৰ সৰু পোনা =
গৰৈচিৰিকা
* খাৰণি সনা সৰিহৰ
গুৰি = খাৰলি
* মাগুৰ মাছৰ সৰু =
মাগুৰজালি
* শ’ল মাছৰ সৰু =
শ’লঠাৰি
* ধানৰ বাকলি = তুঁহ
* গোচৰ তৰা মানুহ =
গোচৰীয়া
* গোটেই জীৱন জুৰি =
অজীৱন
* নাটক লিখা মানুহ =
নাট্যকাৰ
* গুৰি সৰিয়হেৰে কৰা
খাদ্য = কাঁহুদি
* ছবি অঁকা মানুহ =
চিত্ৰকাৰ
* জন্তুৰ নিচিনা =
জান্তৱ
* চোবাই খোৱা বস্তু =
চৰ্ব্য
* কথাৰ লাগ=বান্ধ নথকা
লোক = চেলেপু
* যি ঠাইত মানুহ নাই =
জনশূন্য
* কাম কৰিবলৈ এলাহ কৰা
মানুহ = এলেহুৱা
* কবিতা লেখা মানুহ =
কবি
* চিঠি বিলাই ফুৰা
মানুহ = পিয়ন
* কাৰো লগত মিলিব
নোৱাৰা লোক = অজীনপাতকী
* ধৰ্মলৈ ভয় যাৰ =
ধৰ্মভীৰু
* যি গোন্ধ ভাল =
সুগন্ধ
* বাঁহ গাজৰ পৰা তৈয়াৰ
কৰা খাদ্য = খৰিচা
* যি পুৰুষ ভয়াতুৰ =
কাপুৰুষ
* নাৱত উঠি ব্যৱসায়
কৰা লোক = মুদৈ
* বহুত মানুহ একেলগে
যোৱা = সমদল
* নোহোৱা বস্তুৰ
উদ্ভাৱন = আৱিস্কাৰ
* পূৰ্ব জন্মৰ কথা যাৰ
মনত আছে = জাতিস্মৰ
* নিজে নিজে হোৱা =
স্বয়ম্ভূ
* যি মাটিত উতপাদিত
শক্তি নাই = অনুৰ্বৰা
* যাক সহজতে লাভ কৰা
যায় = সুলভ
* য'ত বহুতো ল'ৰা = ছোৱালীয়ে পঢ়ে = পঢ়াশালী
* যাক বুজিব পাৰি =
বোধগম্য
* বৰষুণ নোহোৱা যি বতৰ
= খৰাং
* আহাৰ জীৰ্ণ নোযোৱা
কাৰণে হোৱা বেমাৰ = অজীৰ্ণ
* যি ঠাই অতি কষ্টেৰে
লঙঘন কৰা যায় = দুৰ্লংঘ্য
* জুই ধৰি ৰখা যি ঠাই
= জুহাল
* যি তিৰোতাই ধান
ৰোৱেই = ৰোৱনী
* যি তিৰোতাই ধান দায়
= দাৱনী
* হঠাতে হোৱা যি ঘটনা
= আকস্মিক
* যি মাটিত সাৰ নাই =
অসাৰুৱা
* যি জন কৰ্মত বীৰৰ
তুল্য = কৰ্মবীৰ
* যি জন সাহিত্যত সম্ৰাটৰ
তুল্য = সাহিত্য – সম্ৰাট
* যি জনে বিয়া কৰোৱা
নাই = আবিয়ৈ
* নোহোৱা বস্তু
উদ্ভাৱন কৰোতা = আৱিষ্কাৰক
* মেলত যি পাৰ্গত =
মেলেকী
* যি নিজক নিজে পণ্ডিত
বুলি ভাবে = পণ্ডিতম্মন্য
* যি কৰ্ত্তব্য স্থিৰ
কৰিব নোৱাৰে = হতবুদ্ধি
* একে সময়তে হোৱা =
সমসাময়িক
* লোকক দেখি পাছত যি
কৰা যায় = অনুকৰণ
* লোকক দেখি পিছে পিছে
যোৱা = অনুসৰণ
* লোকৰপৰা পোৱা নিন্দা
= লোকনিন্দা
* সাহ যাৰ আছি = সাহসী
* মাটিৰ নিচেই সৰু
টেকেলি = ভুৰুকা
* যি গুণীৰ গুণ বুজিব
পাৰে = গুণগ্ৰাহী
* যাক ভেদ কৰিব নোৱাৰে
= অভেদ্য
* যাক সহজে ভেদ কৰিব
নোৱাৰে = দুৰ্ভেদ্য
* যি কষ্ট সহিব পাৰে =
কষ্টসহিষ্ণু
* যাক সহজতে ভাঙিব
পাৰে = ভংণ্ডৰ
* যি কোনো কাম কৰিব
নোৱাৰে = অকৰ্মণ্য
* যি বিধিসন্মত = বৈধ
* প্ৰাণক পণ কৰি =
প্ৰাণপণে
* যি ভবিষ্যত চিন্তা
কৰিব নোৱাৰে = অদূৰদৰ্শী
* যি বাঢ়িবলৈ ধৰিছে =
বৰ্দ্ধিষ্ণু
* যাৰ সকলো বস্তু
অঁটাকে আছে = আটন্তিয়াৰ
* এটা সন্তান হোৱাৰপৰা
আন এটা হোৱালৈকে সময় = আনজ
* যাৰ হাত আঁঠৰ তললৈকে
পৰা = আজানুলম্বিত
* যাৰ ধাৰ আছে = ধৰুৱা
* যি আনফালে মন দিয়ে =
অন্যমনস্ক
* যাক বৰ্ণনা কৰিব
নোৱাৰি = অবৰ্ণনীয়
* যাক কল্পনা কৰিব
নোৱাৰি = অকল্পনাতীত
* বধ কৰিবৰ ইচ্ছা =
জিঘাংসা
* যিটো সুধিবলগীয়া
=জিজ্ঞাস্য
* যাক মূল্য দি কিনিব
নোৱাৰে = অমূল্য
* যি কাৰো পক্ষৰ বা
ফলীয়া নহয়= নিৰপেক্ষ
* কোনো কথাৰ নিশ্চয়
কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
* একেজন গুৰুৰে শিষ্য
= সতীৰ্থ
* যাৰ আগমন আহ্বান কৰা
হয়= স্বাগত
* যি সহ্য কৰিব পাৰে =
সহিষ্ণু
* যি গোচৰ তৰে =
গুচৰীয়া
* যাৰ ওপৰত গোচৰ তৰে =
পদকীয়া
* যি ভাষাত পাৰ্গত =
ভাষাবিদ
* যি কণীৰপৰা জন্মে =
অণ্ডজ
* যি নিজৰ পেটলৈহে
চিন্তা কৰে = স্বাৰ্থপৰ
* যি সমাপ্ত হোৱা নাই
= অসমাপ্ত
* যাৰ কথাৰ সাঁচ নাই =
লগা
* যি মৰো মৰো অৱস্থা
হৈছে = মুমুৰ্ষু
* যত মানুহ বেছি = জন=বহুল
* যাৰ মূৰত চুলি নাই =
তপা
* যি ধন খৰচ নকৰে =
কৃপণ
* যি মাছ=মাংস খায়=
আমিষাহাৰী
* যি মাছ=মাংস নাখায় =
নিৰামিষাহাৰী
* যি যোগৰপৰা ভ্ৰষ্ট
হৈছে = যোগভ্ৰষ্ট
* যি অলপতে শুনে =
শহাকণীয়া
* যি অলপতে ভয় খায় =
ভয়াতুৰ
* যি নানা অভাৱত থাকে
= অভাৱী
* জন্তুৰ নিচিনা = জান্তৱ
* যাৰ নাম নাই = অনামা
* যি নিয়মমতে খৰচ নকৰে
= অমিতব্যয়ী
* নাম নিদিয়াকৈ দিয়া =
বেনামী
* বাঁহ=গাজ খুন্দি
তৈয়াৰ কৰা খাদ্য=বস্তু = খৰিচা
* মিলি নোহোৱা গুৰি বা
বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
Join Our WhatsApp Group- Click Here
