ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ – জীৱনী / ৰচনা || Biography/ Essay on Sarvepalli Radhakrishnan

Joonak
1

 ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন মহান ব্যক্তি আৰু এজন প্ৰখ্যাত শিক্ষক আছিল। বৃত্তিৰ বাবে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ এজন বহল দৃষ্টিভংগীৰ ব্যক্তি আছিল যিয়ে ভাৰতৰ মুখ্য কাৰ্যবাহীৰ ভূমিকা পালন কৰা নিয়ম আৰু নীতিঅনুসৰণ কৰিছিল। তেওঁ দেশৰ এজন মহান ব্যক্তিত্ব আছিল যাৰ জন্মদিন ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ এজন সন্মানীয় ব্যক্তি আছিল যাক আমি এতিয়াও শিক্ষক দিৱস উদযাপন কৰি মনত ৰাখিছোঁ।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ – জীৱনী / ৰচনা

আৰম্ভণিঃ

প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহৰ পাঁচ তাৰিখটো দেশ জুৰি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যি গৰাকীৰ স্মৃতিত এই দিৱস পালন কৰা হয়, তেওঁ কেৱল ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰে এগৰাকী শ্ৰেষ্ঠ শিক্ষক আৰু দাৰ্শনিক পুৰুষ। সেই বৰেণ্য পুৰুষ গৰাকী হল ড সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি।

জন্ম, শিক্ষাঃ

তামিলনাডুৰ মাদ্ৰাজ নগৰৰ ওচৰৰ, তিৰোতানি নামৰ এখন গাৱত, এটি ব্ৰাহ্মণ পৰিয়ালত, ১৮৮৮ খ্ৰীঃৰ পাঁচ ছেপ্তেম্বৰত ৰাধাকৃষ্ণণৰ জন্ম হয়।

ৰাধাকৃষ্ণণৰ প্ৰাথমিক শিক্ষা নিজ গাঁৱতেই হৈছিল। তামিলনাডুৰ তিৰোপতি এখন উন্নত নগৰ। ইয়াৰ তিৰোপতি মন্দিৰ বিখ্যাত। এই তিৰোপতিতেই তেওঁ উচ্চ শিক্ষা লাভ কৰিছিল। তিৰোপতিত পঢ়ি থাকোঁতেই ভাৰতীয় ধৰ্মৰ প্ৰভাৱে তেওঁৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল। দেউতাকৰ আৰ্থিক অৱস্থা টনকীয়াল নাছিল যদিও, ৰাধাকৃষ্ণণে পঢ়া-শুনাত বাধা পোৱা নাছিল। তেওঁ ভেলোৰ চহৰৰ ভূৰহীড মহাবিদ্যালয়ৰ পৰা এফ এ (আজিকালি উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ) আৰু খ্ৰীষ্টিয়ান মহাবিদ্যালয়ৰ পৰা বি এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁক বিদেশৰ কেইবাখনো বিশ্ববিদ্যালয়ে সন্মানজনক ডক্টৰেট উপাধি প্ৰদান কৰে।

চাকৰি জীৱনঃ

সাধাৰণতে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰিচয় এগৰাকী কীৰ্তি শিক্ষক হিচাপেহে। মাদ্ৰাজৰ প্ৰেচিডেন্সী কলেজত দৰ্শন বিভাগৰ শিক্ষক হিচাপে তেওঁ চাকৰি জীৱন আৰম্ভ কৰে। তাৰ পাছত মহীশূৰ বিশ্ববিদ্যালয়ত কিছুদিন শিক্ষকতা কৰিছিল। দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে তেওঁক কলকতা বিশ্ববিদ্যালয়ে আমন্ত্ৰণ জনায়। তেওঁ কেইবাবছৰো ধৰি উক্ত বিশ্ববিদ্যালয়ত আছিল। বিলাতৰ মাঞ্চেষ্টাৰ আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়তো দৰ্শনৰ অধ্যাপক আছিল। বেনাৰস হিন্দু বিশ্ব বিদ্যালয় আৰু অন্ধ্ৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য পদত থকাৰ উপৰিও তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল।

দেশীয় সন্মানঃ

মেধাবী পুৰুষ, আজীৱন শিক্ষাৰ লগত জড়িত এই পণ্ডিত গৰাকীক দেশ-বিদেশৰ কেইবাখনো বিশ্ববিদ্যালয়ে সন্মানজনক ডি লিট উপাধি প্ৰদান কৰিছিল। ১৯৪৯ খ্ৰীঃত তেওঁক ছোভিয়েট  ৰুছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। ১৯৫২ খ্ৰীঃত ভাৰতৰ প্ৰথম গৰাকী উপৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ পাছত ১৯৬২ খ্ৰীঃত তেওঁ ড ৰাজেন্দ্ৰ প্ৰসাদৰ পাছত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হয়। তেওঁৰ অসাধাৰণ ব্যক্তিত্ব আৰু কীৰ্তিত্ব বাবে ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

মৃত্যু আৰু সামৰণিঃ

ৰাধাকৃষ্ণনে দৰ্শন আৰু ধৰ্ম সংস্কৃতি সম্পৰ্কে কেইবাখনো পুথি লিখিছিল। ভাৰতীয় দৰ্শন আৰু ৰবীন্দ্ৰ দৰ্শনতেওঁৰ অমূল্য গ্ৰন্থ।

এই গৰাকী মহান ভাৰতীয় যোৱা ১৯৭৫ খ্ৰীঃত ১৭ এপ্ৰিলত মাদ্ৰাজত পৰলোক ঘটে।

এই গৰাকী সৰল জীৱন যাপন কৰোঁতা, পণ্ডিত প্ৰৱৰ ড ৰাধাকৃষ্ণণ সকলোৰে শ্ৰদ্ধাৰ পুৰুষ আছিল। তেওঁৰ জীৱন চৰিত্ৰই আমাক সৎ চিন্তা কৰিবলৈ সদায়েই উৎসাহ দি থাকিব।


Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

1 Comments
  1. Harrah's Cherokee Casino & Hotel - Mapyro
    Harrah's Cherokee Casino & Hotel is in the mountains, and it's a 광주 출장샵 perfect spot for anyone 논산 출장마사지 who wants a little bit of 군포 출장안마 a 울산광역 출장안마 kick in the rough. It also 진주 출장샵

    ReplyDelete
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top