ক’ৰোনা কালৰ পৰা জীৱনশৈলীৰ পৰিৱৰ্তন বহুত
দেখা গৈছে। আহিবলগীয়া সময়ত অধিক পৰিৱৰ্তন হ'ব পাৰে। ক’ৰোনা মহামাৰীৰ সমতয়ত আমি আমাৰ আহাৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিবলগীয়া হৈছে। আমি
আমাৰ স্বাস্থ্যৰ বিষয়ে অধিক সজাগ হৈ উঠিবলগীয়া হৈছে। এই মহামাৰীৰ সময়ত আপোনাৰ অক্সিজেনৰ স্তৰ কেনেদৰে
স্বাভাৱিক ৰাখিব লাগে আমি আপোনাক এই প্ৰৱন্ধটোৰ জৰিয়তে জনাম-
(১) নেমু
নেমু হৈছে ভিটামিন চি-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। ইয়াৰ গ্ৰহণে ৰোগ
প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক। প্ৰতিপুৱা কুহুমীয়া
পানীত নেমু খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। নেমুৱে অক্সিজেনৰ স্তৰ স্বাভাৱিক ৰখাত সহায়
কৰে। ই এক প্ৰাকৃতিক এণ্টিচেপ্টিক। মুখত বাঢ়ি অহা পিম্পল, ব্রণ, ব্লেকহেড আৰু কোঁচ হ্ৰাস কৰাত সহায় কৰে।
আপুনি নেমুৰ আচাৰও খাব পাৰে।
(২) কিৱি
কিৱিক ফলৰ ৰজা বুলি কোৱা হয়। ইয়াত থকা ভিটামিন চি, ই, পটাছিয়াম আৰু ফলেটে বহুতো ৰোগ প্ৰতিৰোধ কৰাত
সহায় কৰে। ডেংগুৰ দৰে ৰোগত, এই ফল গ্ৰহণ কৰিবলৈ পৰামৰ্শ
দিয়া হয়। ইয়াত বহুতো এণ্টিঅক্সিডেণ্ট থাকে যি দেহত অক্সিজেনৰ পৰিমাণ স্বাভাৱিক
অৱস্থাত ৰখাত সহায় কৰে। লগতে, ইয়াত থকা উপাদানবোৰে
সংক্ৰমণৰ দৰে অন্যান্য ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
(৩) কল
কল খোৱাৰ দ্বাৰা শক্তিশালী হোৱাৰ লগতে শৰীৰত অক্সিজেনৰ
স্তৰ বৃদ্ধি কৰাত সহায় কৰে। ইয়াত যথেষ্ট ক্ষাৰীয় থাকে, যি অক্সিজেনৰ অভাৱ দূৰ কৰিব পাৰে।
(৪) নহৰু
নহৰুক আয়ুৰ্বেদিক ঔষধ হিচাপেও গণনা কৰা হয়। ভাৰতীয়
খাদ্যৰ সোৱাদ বঢ়াবলৈ ইয়াক বৃহৎ পৰিমাণত ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ গ্ৰহণে শৰীৰত অক্সিজেনৰ স্তৰ স্বাভাৱিক ৰখাত সহায় কৰে। কেৱল এয়াই
নহয়, কলেষ্টেৰল ৰোগৰ ক্ষেত্ৰতো ইয়াক সেৱন কৰা হয়। যাতে
তেজ ডাঠ নহয়
(৫) দৈ
শৰীৰৰ উন্নতিৰ বাবে দৈ খোৱাটো সৰ্বশ্ৰেষ্ঠ। ইয়াত ভিটামিন, কেলচিয়াম আৰু প্ৰ'টিন থাকে। আপুনি ইয়াক দৈনিক
খাদ্যৰ সৈতে গ্ৰহণ কৰিব পাৰে, যি অক্সিজেনৰ অভাৱ পূৰণ কৰে।
ইয়াৰ গ্ৰহণে পাচন শক্তিও শক্তিশালী কৰে। অৱশ্যে, দৈ ৰাতি খাব
নালাগে। ই শৰীৰৰ বাবে দিনত যিমানে ভাল হয়, ৰাতি সিমানেই
মাৰাত্মক হয়।
টোকা: এই সকলোবোৰ তথ্য সাধাৰণ পৰামৰ্শৰ আধাৰত
সংগ্ৰহ কৰা হৈছে, আপুনি অধিক তথ্যৰ বাবে চিকিৎসা পৰামৰ্শ ল'ব লাগিব।
Join Our WhatsApp Group- Click Here
