শংকৰদেৱৰ সাহিত্য তথা গ্ৰন্থৰাজী

Joonak
0


 🔆শংকৰদেৱৰ সাহিত্য তথা গ্ৰন্থৰাজী🔆

প্ৰাক্ শংকৰীযুগত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা,আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবা ভাগত ভগাব পাৰি, যেনেঃ


✅শংকৰদেৱৰ কাব্যঃ

●হৰিশ্চন্দ্ৰ উপাখ্যান

●অজামিল উপাখ্যান

●ৰুক্মিণী হৰণ কাব্য

●বলিছলন

●অমৃত মন্থন

●গজেন্দ্ৰ উপাখ্যান

●কুৰুক্ষেত্ৰ

●গোপী-উদ্ধৱ সংবাদ

●কৃষ্ণ প্ৰয়াণ - পাণ্ডব নিৰ্বাৰণ


✅শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ

●ভক্তি প্ৰদীপ

●ভক্তি ৰত্নাকৰ (সংস্কৃতত ৰচিত)

●নিমি-নৱসিদ্ধ সংবাদ

●অনাদি পাতন


✅শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থঃ

●ভাগৱত প্ৰথম, দ্বিতীয়

●দশম স্কন্ধৰ আদিছোৱা

●দ্বাদশ স্কন্ধ

●ৰামায়ণৰ উত্তৰা কাণ্ড


✅শংকৰদেৱৰ অঙ্কীয়া নাটঃ

●পত্নীপ্ৰসাদ

●কালিয়দমন

●কেলি গোপাল

●পাৰিজাত হৰণ

●ৰুক্মিণী হৰণ

●ৰাম বিজয়


✅শংকৰদেৱৰ গীতঃ

●বৰগীত(২৩৪টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়)

●ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা)

●টোটয়

●চপয়


✅শংকৰদেৱৰ নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ

●কীৰ্তন

●গুণমালা


Join Our WhatsApp Group- Click Here

Join Our Telegram Channel- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top