ভূমিকা
HSLC
(Class 10) আৰু HS (Class 12) পৰীক্ষা যিকোনো
ছাত্ৰ-ছাত্ৰীৰ জীৱনত এটা অতি গুৰুত্বপূর্ণ একাডেমিক পৰ্যায়। এই পৰীক্ষাত ভাল ফল
লাভ কৰিলে ভবিষ্যত শিক্ষাৰ দিশ নিৰ্ধাৰণ হয়। সেইবাবে, topper হবলৈ কেৱল কঠোৰ অধ্যয়ন নহয়, বুদ্ধিমান কৌশল,
আত্মবিশ্বাস, আৰু আত্ম-নিয়ন্ত্রণো অত্যন্ত
প্ৰয়োজনীয়। এই ব্লগত আমি শীৰ্ষস্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিজ্ঞতাৰ
ভিত্তিত কেইটামান সঠিক টিপচ আলোচনা কৰিম।
1. সময়ৰ সদ্ব্যৱহাৰ
কৰক (Time Management is Key)
- এজন Topper এ সদায়
Daily Time Table অনুসৰণ কৰে।
- আপোনাৰ পৰা Productivity উৎপন্ন
হ’বলৈ Reading, Revision, Practice-ৰ বাবে সময় ভাগ কৰক।
- 45 মিনিট
অধ্যয়নৰ পিছত 5-10 মিনিট বিশ্ৰাম লোৱাটো উত্তম।
2. সকলো বিষয় সমান
গুৰুত্বপূৰ্ণ (Don't Ignore Any Subject)
- কেৱল Mathematics বা
Science-ত ভাল হ’লেই নহয়,
Assamese, English, Social Science, Electives সকলো বিষয়ত
মনোযোগ দিয়ক।
- Language subject বৰ এলাগী কৰা হয়, কিন্তু সেই বিষয়কেইটাও সমানে
গুৰুত্বপূর্ণ।
3. Previous Year Question Paper
& Model Practice
- Topper-সকল
নিয়মীয়াকৈ পূৰ্বৰ প্ৰশ্নপত্ৰ আৰু Model Question Set অনুশীলন কৰে।
- এইবোৰে পৰীক্ষাৰ ধৰণ, important chapter আৰু লিখাৰ pattern বুজিবলৈ সহায় কৰে।
4. ধাৰণা স্পষ্ট হ’ব লাগিব (কেৱল মুখস্থ কৰাটো যথেষ্ট নহয়)।
- কিতাপ মুখস্থ কৰাৰ সলনি Concept Clear কৰক।
- কোনো Chapter বুজা নাযায় তেন্তে YouTube/Teacher/Guidebook ৰ সহায় ল’ব।
5. Self-Made Notes বনাওক
- পাঠ্যপুথিৰ সকলো Main Point নিজে
লিখি নিজৰ Notes বনাওক।
- Revisionৰ সময়ত
এইবোৰ অতি সহায়ক হব।
- Mind Map বা Flow
Chart ব্যৱহাৰ কৰাটো helpful হব পাৰে।
6. Daily Revision – 3 Times Formula
- যিবোৰ Chapter পঢ়া
হয়, সেইবোৰক:
- 1st Revision – 1 দিন পাছত
- 2nd Revision – 7 দিন পাছত
- Final Revision – 1 মাহ পাছত/Exam ৰ আগতে
7. Mock Test & Time Bound
Writing
- Topper-সকলে
পৰীক্ষাৰ আগতে ঘড়ী লৈ বহি mock test দিয়ে।
- ইয়াৰ দ্বাৰা speed আৰু presentation
skill উন্নত হয়।
- Answer Script neat &
clean ৰাখক – examiner ৰ প্ৰতি ভাল
প্ৰভাৱ পৰে।
8. পৰ্যাপ্ত টোপনি
আৰু স্বাস্থ্যৰ যত্ন
- ৰাতি 6-8 ঘণ্টা
টোপনি অতি প্ৰয়োজন।
- দেহ সুস্থ নহ’লে মনোযোগৰ অভাৱ
হয়।
- খাদ্যত ফল-মূল, পৰ্যাপ্ত
পানী আৰু পুষ্টিকৰ খাদ্য অন্তর্ভুক্ত কৰক।
9. মনোবল আৰু
আত্মবিশ্বাস বজাই ৰাখক
- “মই নোৱাৰোঁ”
ধৰণৰ কথা মনৰ পৰা আঁতৰাওক।
- আত্ম বিশ্ৱাস (Self-confidence) বজাই ৰাখক, আৰু পজিটিভ চিন্তাধাৰা পালন কৰক।
- আপোনাৰ লক্ষ্য Topper নহয়,
নিজৰ সর্বশ্ৰেষ্ঠ প্ৰয়াস কৰা।
10. Mobile & Social Media-ৰ পৰা নিজকে আঁতৰাই ৰাখক
- WhatsApp, Facebook, YouTube
scrolling ইত্যাদি Study Time-ত avoid
কৰক।
- Revision Time-ত
Flight Mode/Focus Mode ব্যৱহাৰ কৰক।
উপসংহাৰ
HSLC বা HS Top কৰাটো অলৌকিক কিবা নহয়। ই হৈছে আপোনাৰ প্ৰতিদিনৰ
সঠিক অভ্যাস, সুশৃঙ্খল অধ্যয়ন, আৰু
একাগ্ৰতাৰ ফল। এই টিপচসমূহ যদি ভালদৰে অনুসৰণ কৰা হয়, তেন্তে
আপোনাৰো Topper হোৱাৰ সম্ভাৱনা যথেষ্ট। বিশ্বাস ৰাখক –
“নিয়মিত অধ্যয়ন + মনোবল = সফলতা”।
