আজি, আমি এই প্ৰবন্ধটোত অসমৰ এজন মহান ব্যক্তিঃ শ্ৰীমন্ত শংকৰদেৱ ওপৰত এখন ৰচনা (Essay on Srimanta Sankardev) প্ৰকাশ কৰিছোঁ। বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ৪০০- ৫০০ শব্দৰ এখন চমু ৰচনা। শিক্ষাৰ্থীসকলৰ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে এই প্ৰবন্ধটো পৰা সহায়ক হ'ব পাৰে।
অসমৰ এজন মহান
ব্যক্তিঃ শ্ৰীমন্ত শংকৰদেৱ- ৰচনা
আৰম্ভণিঃ
অসমত যুগে যুগে ভালেমান মহান ব্যক্তিৰ জন্ম হৈছে। ধৰ্ম,
ৰাজনীতি, সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰলৈ এইসকল ব্যক্তিয়ে
মূল্যবান অৱদান আগবঢ়াইছে। অসমৰ জাতীয় জীৱনৰ তেনে এগৰাকী প্ৰাতঃস্মৰণীয় মহান
ব্যক্তি হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
জীৱন-পৰিচয়ঃ
১৪৪৯ খ্ৰীঃ (১৩৭১ শক)ত বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত
শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম
সত্যসন্ধা। নিচেই কম বয়সতে তেওঁৰ পিতৃ মাতৃৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে
তেওঁক ডাঙৰ-দীঘল কৰে। বাৰ বছৰমান বয়সত বুঢ়ীমাকে তেওঁক মহেন্দ্ৰ কন্দলী নামে এজন
আচাৰ্যৰ টোলত নামভৰ্তি কৰি দিয়ে। তাত একাণপতীয়াকৈ অধ্যয়ণ কৰি তেওঁ চাৰিবেদ, চৈধ্য শাস্ত্ৰ,
ওঠৰ পুৰাণ, ব্যাকৰণ, স্মৃতি আদি শাস্ত্ৰত পাণ্ডিত্য আহৰণ কৰে।
শিক্ষা সাং কৰি শংকৰদেৱে গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰে।
কিন্তু মনু নামৰ কন্যা সন্তান এটি জন্ম দিয়েই তেওঁৰ পত্নী সূৰ্যৱতী স্বৰ্গী হয়।
পত্নীৰ অকাল বিয়োগত শংকৰদেৱৰ মনত বৈৰাগ্য ওপজে। সেয়ে কন্যা সন্তানটিক কম বয়সতে
বিয়া দি তেওঁ তীৰ্থ ভ্ৰমণলৈ ওলায়। সুদীৰ্ঘ বাৰ বছৰ তেওঁ কাশী, মথুৰা, গয়া,
জগন্নাথ, হৰিদ্বাৰ, প্ৰয়োগ, বদৰিকাশ্ৰম আদি তীৰ্থস্থানবোৰ পৰিভ্ৰমণ কৰে।
শংকৰদেৱৰ অৱদানঃ
অসমৰ জাতীয় জীৱনলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান বিচিত্ৰ আৰু
বহুমুখী। তেওঁৰ অৱদানখিনিক আমি মুঠতে চাৰিটা ভাগত ভগাই এটা চমু আলোচনা কৰিব পাৰোঁ।
সেইবোৰ হ’ল-
(ক) অসমত প্ৰচলিত ধৰ্মৰ সংস্কাৰৰ ক্ষেত্ৰত শংকৰদেৱে
বৈপ্লৱিক অৱদান আগবঢ়ায়। সেই সময়ত হিন্দু ধৰ্মত গা কৰি উঠা জাত-পাত, বলি-বিধান,
যাগ-যজ্ঞ, তপ-ব্ৰত আদি আঁতৰাই তাৰ পৰিৱৰ্তে তেওঁ সহজ-সৰল, নিকা-নিৰ্মল একশৰন
নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।
(খ) অসমীয়া জাতীয় জীৱনৰ বুনিয়াদ প্ৰতিষ্ঠাতো শংকৰদেৱৰ
অৱদান আছে। তেওঁ অসমৰ পৰ্বত-ভৈয়াম সকলোতে ধৰ্ম প্ৰচাৰ কৰিছিল।
(গ) শংকৰদেৱে অসম আৰু ভাৰতৰ মাজত সংযোগ সেঁতু নিৰ্মাণ
কৰিছিল। শংকৰদেৱে প্ৰচাৰিত কৃষ্ণ-বিষ্ণুকেন্দ্ৰিক ভাগৱতী ধৰ্মই অসমৰ সৈতে ভাৰতৰ
সম্পৰ্ক অতি সুদৃঢ় কৰি তোলে।
(ঘ) অসমীয়া সাহিত্য-সংস্কৃতিলৈ মহাপুৰুষজনাৰ অৱদান
জাউতিযুগীয়া। কাব্য, অংকীয়া নাট, বৰগীত, ভটিমা, তত্বমূলক গ্ৰন্থ আদিৰে তেওঁ আমাৰ
জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।
নৃত্য, অভিনয়, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদিৰ
ক্ষেত্ৰটো শংকৰদেৱৰ প্ৰতিভাৰ পৰশ কৰি উজলি উঠিছে। নামঘৰ আৰু সত্ৰ অসমৰ ধৰ্ম তথা
সংস্কৃতিৰ দুটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ।
সামৰণিঃ
অসমীয়া সমাজ সংস্কৃতিৰ সকলো দিশ সমৃদ্ধি কৰি ১৫৬৮ খ্ৰীঃত
প্ৰায় ১২০ বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত মহাপুৰুষজনাই বৈকুণ্ঠ প্ৰয়াণ কৰে।
শাৰীৰিকভাৱে তেওঁ আজি আমাৰ মাজত নাই সঁচা, কিন্তু মানসিকভাৱে তেওঁ আমাৰ মাজত সদায়ে
জিয়াই থাকিব। শেষত কবি যতিন্দ্ৰনাথ দুৱৰাৰ ভাষাৰে ক’ব পাৰি-
“তোমাৰ জীৱন দেৱে লিখে এনে সাধ্য কাৰ।
গোটেই অসমজুৰি বিস্তৃত জীৱন যাৰ।।”
Tags: মহাপুৰুষ শংকৰদেৱৰ জীৱনী, অসমৰ এজন মহান ব্যক্তি ৰচনা।
Join Our WhatsApp Group- Click Here

শংকৰদেৱৰ বিষয়ে ৰচনাখন কোন মহাপণ্ডিতে লিখিছিল ? শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ? ১৮৮৯ খ্ৰীষ্টাব্দত নেকি ? এইটো দেখাৰ পিছত ভিতৰত কি অশ্বডিম্ব থাকিব গম পালোঁ
ReplyDeleteআপোনাৰ ব্লগটো চালো মহাশয়, আপোনাৰো বহুত ভুল পালো। মানুহ মাত্ৰেই ভুল হয়েই। সেই ভুল শুধৰাই দিয়াটোহে প্ৰকৃত সচেতন ব্যক্তিৰ কৰ্তব্য, সেই ভুলক লৈ উপলুঙা কৰাটো নহয়।
Delete