টমাছ আলভা এডিচন – জীৱনী || Thomas Alva Edison Biography in Assamese

Joonak
1

 

টমাছ আলভা এডিচন – জীৱনী  || Thomas Alva Edison Biography in Assamese

আৰম্ভণিঃ

বৰ্তমান বিজ্ঞানৰ যুগ। নিতৌ বিজ্ঞানে ন ন আৱিস্কাৰ কৰি মানৱ জাতিক প্ৰগতিৰ বাটত আগবঢ়াই নিছে। বিজ্ঞান জগতত যুগমীয়া আৱিস্কাৰ গ্ৰামোফোন, বিজুলী চাকি, টেলিগ্ৰাফ আদি মানুহৰ দৈনন্দিন জীৱনত লগা সম্পদ। এই সম্পদসমূহৰ আৱিস্কাৰ হল টমাছ আলভা এডিচন।

জন্ম, শিক্ষাঃ

টমাছ আলভা এডিচনৰ জন্ম ১৮৪৭ খ্ৰীঃৰ ১১ ফ্ৰেব্ৰুৱাৰীত আমেৰিকাত। তেওঁৰ পিতৃৰ নাম আছিল ছেমুৱেল এডিচন। টমাছ আলভা এডিচন তেওঁৰ সপ্তম সন্তান। কথিত আছে যে ছেমুৱেল এডিছন কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পলাই আহিছিল। তেওঁলোকৰ পৰিয়ালটো আলভা ব্ৰেডলী নামৰ এজন নাৱৰীয়াৰ নাৱত আহোঁতেই সপ্তম সন্তানটিৰ জন্ম হোৱাত নাৱৰীয়াজনৰ লগত ৰজিতা খুৱাই নাম ৰাখিলে টমাছ আলভা এডিচন।

এডিচন সৰুৰে পৰাই তীক্ষ্ন বুদ্ধিৰ আছিল। তএওঁক সৰুতেই মিছিগান চহৰৰ পোৰ্ট হিউৰন নামৰ ঠাইৰ এখন বিদ্যালয়ত ভৰ্তি কৰোৱা হয়। এডিচনে এবাৰ এটি দুৰ্ঘটনাৰ পৰা হিউৰন ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰৰ কেঁচুৱা এটিক বচোৱাৰ বাবে তেওঁক পোৰ্ট হিউৰন আৰু ডেট্ৰয়ত ষ্টেচনৰ মাজত চলাচল কৰা ৰেল গাড়ীতে পুথি অধ্যয়নৰ সুবিধা কৰি দিছিল। তেওঁ ৰেলগাড়ীত খবৰ কাগজৰ ফেৰিয়ালাৰ কামো কৰিছিল। ৰেলগাড়ীতে তেওঁ বিদ্যুৎ বিজ্ঞানৰ সম্পৰ্কত অধ্যয়ন কৰে। তেওঁ পুৰণি টেলিগ্ৰাফ পদ্ধতিক সংস্কাৰ সাধন কৰিলে। ৰেলগাড়ীৰ ভিতৰতে এটি পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাগাৰ সাজি অধ্যয়ন কৰিছিল আৰু ছপাশাল এটি স্থাপন কৰি বাতৰি কাকতো ছপাইছিল। ৰেলগাড়ীত এডিচনৰ কৰ্মৰ বহুতো কাহিনী আছে।

বিজ্ঞানৰ আৱিস্কাৰঃ

এডিচনে বিশ বছৰ বয়সতে, অৰ্থাৎ ১৮৭৭ খ্ৰীঃৰ শেষ ভাগত ফোনোগ্ৰাফ বা গ্ৰামোফোন যন্ত্ৰ আবিস্কাৰ কৰে। এই যন্ত্ৰৰ সহায়ত শিল্পী সকলৰ গান বা কন্ঠস্বৰ বাণীবদ্ধ ৰূপত শুনিবলৈ পোৱা গল। গ্ৰামোফেন পৃথিৱী ব্যাপি প্ৰচলিত এটি সম্পদ। ১৮৭৯ খ্ৰীঃৰ ২১ অক্টোবৰত বৈদ্যুতিক চাকি বা বাল্ব জ্বলাই পোহৰাই তুলিলে। তেওঁ গ্ৰাহাম বেলে আৱিস্কাৰ কৰা টেলিফোনৰো সংস্কাৰ সাধন কৰিছিল। ১৮৮৭ খ্ৰীঃত চলচ্চিত্ৰ আবিস্কাৰ কৰে। ইয়াৰ উপৰিও বিজুলী পাংখা, ট্ৰামগাড়ী, বিজুলী শক্তি জোখা যন্ত্ৰ আদি তেৰশৰো অধিক বস্তু আৱিস্কাৰ কৰি, পৃথিৱীত বেছি সংখ্যাক প্ৰয়োজনীয় সামগ্ৰীৰ আৱিস্কাৰক হিচাপে খ্যাতি ৰাখিলে। ৮০ বছৰ বয়সৰ পাছতো উদ্ভিদ বিদ্যা সম্পৰ্কত গৱেষণা কৰিছিল।



পাৰিবাৰিক জীৱনঃ

এডিচনৰ পত্নীৰ নাম আছিল মেৰী। লৰা-ছোৱালী হালৰ নাম ডট আৰু ডেছ। এই দুটা টেলিগ্ৰাফৰ ব্যৱহৃত টৰে-টক্কাৰ অনুৰূপ নাম।

মৃত্যুঃ

পৃথিৱীৰ অধিক বস্তু আৱিস্কাৰক এইজনা বিজ্ঞানীৰ ১৯৩১ খ্ৰীঃৰ ১৮ অক্টোবৰত মৃত্যু হয়। তেওঁ সন্মানাৰ্থে সমাধিস্থ কৰাৰ দিনা আমেৰিকাৰ কেইটামান বিখ্যাত কাৰখানাত এক মিনিটৰ বাবে বিদ্যুত চাকি নুমাই দিয়া হৈছিল।

সামৰণিঃ

টমাছ আলভা এডিচনৰ অমৰ অৱদানে পৃথিৱীৰ প্ৰগতিত নতুন পোহৰ পেলালে। বিজ্ঞানী জনাৰ খ্যাতি অমৰ হৈ থাকিব।


Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

1 Comments
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top