মোৰ প্ৰিয় গ্ৰন্থ- কীৰ্তন

Joonak.in
4


মোৰ প্ৰিয় গ্ৰন্থ- কীৰ্তন

অংশুমান শইকীয়া,

অসমীয়াত সৰ্বোচ্চ নম্বৰ ২০০৮

হাইস্কুল শিক্ষান্ত পৰীক্ষা


সূচনাঃ A good book is precious lifeblood of a master spirit emblem and treasured life beyond life.
          এখন মহত্ গ্ৰন্থ মহাজীৱনৰ মহাৰ্ঘ যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয়।


মোৰ প্ৰিয় গ্ৰন্থঃ কোনোবাই যদি মোক প্ৰশ্ন কৰে যে মোৰ প্ৰিয় গ্ৰন্থখন কি এই প্ৰশ্নত মই অলপ বিমোৰত পৰিম। এখন অসমীয়া মাধ্যমৰ স্কুলৰ ছাত্ৰ হিচাপে অসমীয়াৰ বাহিৰে ইংৰাজীহিন্দী আদি ভাষাত মোৰ বিশেষ দখল নাই। গতিকে অসমীয়া ভাষাতে ৰচিত দুই-চাৰিখন পুথিত মই চকু ফুৰাইছো। আঙুলিৰ মূৰত লেখিব পৰা সেইকেইখন পুথিৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় পুথিখন হল সদৌ অসমীয়া জাতিৰ চিৰ পৰিচিত ধৰ্ম পুথি- কীৰ্তন


গ্ৰন্থকাৰ পৰিচিতিঃ অসমৰ ভাষাধৰ্মসাহিত্য সংস্কৃতিৰ অন্যতম প্ৰবক্তা যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি প্ৰণয়ন কৰে। এইজনা গুৰুক পাঠক বৰ্গক নতুনকৈ চিনাকি কৰিবৰ আৱশ্যক নাই। সেয়েহে তেৰাৰ ৰচিত এই গ্ৰন্থখনিৰ সম্পৰ্কে এটি নাতিদীৰ্ঘ আলোচনা দাঙি ধৰা হল।


বিষয়বস্তুঃ ভগৱান শ্ৰীকৃষ্ণ সৃষ্টি-স্থিতি-প্ৰলয়ৰ গৰাকীতেঁৱেই ভক্তসৱৰ ভজনীয় ঈশ্বৰ। এই পৰম পুৰুষজনাৰ ঐশ্বৰিক চৰিত্ৰদৈহিক বৰ্ণনাভক্ত-ভগৱানৰ অপৰিহাৰ্য সম্পৰ্কএইখিনিকে লৈ মহাপুৰুষজনাই বিভিন্ন আখ্যান- উপাখ্যান আদিৰ মাজেদি প্ৰায় ডেৰকুৰি অধ্যায়ত মহান গ্ৰন্থখনিৰ পৰিসমাপ্তি ঘটাইছে।


সাহিত্যিক অলংকাৰঃ কীৰ্তন পুথিখনিৰ আদিৰে পৰা অন্তলৈকে পদছবিদুলড়ী আদি নানা ছন্দ প্ৰয়োগ কৰি এখনি অতি মধুৰ কাব্যত পৰিণত কৰিছে। অপূৰ্ব শব্দচৰণঘৰুৱা শব্দৰ সমাৱেশছন্দৰ লালিত্যভাষাৰ মাধুৰ্য আৰু বৰ্ণনাৰ প্ৰচুৰ্যই এক অতি মহান সাহিত্যিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে। শ্ৰীকৃষ্ণৰ দৈহিক বৰ্ণনা কৰিবলৈ যাওঁতে তেৰাই লিখিছেঃ –

তপ্ত সুৱৰ্ণ সম,

জ্বলে দেহা নিৰূপম,

ললিত-বলিত হাত-পাৱ।।


এই গ্ৰন্থখনিক মই কিয় ভাল পাওঁঃ O বাণীকান্ত কাকতিদেৱৰ মতে কীৰ্তন চিত্ৰ-বিচিত্ৰ পখিলাৰ দৰে। ইয়াৰ সৌন্দৰ্য্য কোনো ক্ষেত্ৰতে ম্লান পৰা নাই। ই লৰাক ধেমালিৰ বস্তু দিছে। ডেকাক যৌৱন তত্ব দিছে আৰু বয়োবৃদ্ধসকলক সৃষ্টিতত্বৰ গভীৰ কথাৰে মহান আমোদ যোগাইছে।

       পুথিখনিৰ আৰম্ভণিতে এইজনা মহান গুৰুৱে সমগ্ৰ মানৱ জাতিৰে প্ৰতি সভক্তিৰে প্ৰণিপাত জনাইছেঃ –

প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।

সৰ্ব অৱতাৰ কাৰণ নাৰায়ন।।

তযু নাভি কমলত ব্ৰহ্ম ভলজাত।

যুগে যুগে অৱতাৰ ধৰা অসংখ্যত।।

       একল এয়াই নহয়। প্ৰহ্লাদৰ হৰি ভক্তিহৰিচন্দ্ৰৰ ন্যায়গ্ৰাহ-গজেন্দ্ৰৰ যুদ্ধদামোদৰ বিপাখ্যানলীলা মালা আদি বিভিন্ন আখ্যান-উপাখ্যানৰ বৰ্ণনাই মোৰ অন্তৰত দোলা দিয়ে। সেয়েহে কীৰ্তন পুথিক মই প্ৰাণভৰি ভাল পাওঁ।


মন্তব্যঃ নিচেই সীমিত অভিজ্ঞতাৰে আৰু খুব কম সময়ৰ ভিতৰত এই গ্ৰন্ধখনিৰ বিষয়ে প্ৰাঞ্জলভাৱে ডাঙি ধৰিবলৈ যোৱাটো মোৰ বাবে ধৃষ্টতা মাথোন। তথাপি সাধ্যনুসাৰে দুই এটি কথাৰ অৱতাৰণা কৰা হৈছে।

       আপুনি কীৰ্তনৰ সুৰ ভাল নাপাব পাৰে ইয়াৰ আখ্যান উপাখ্যানে আপোনাক আমোদ দিব নোৱাৰিব পাৰে। কিন্তু আপুনি এই কীৰ্তনৰ সুৰৰ মাজতেই এদিন জন্ম হৈছিল আৰু এই সুৰৰ ঝংকাৰৰ মাজেৰেই এদিন পৃথিৱীৰ পৰা চিৰবিদায় লব লাগিব। গতিকে কীৰ্তপুথি আমাৰ জীৱনৰ পাথেয়স্বৰূপ হৈ থাকিব। শেষতসেই মহান গুৰুজনাৰ প্ৰতি এই মহান গ্ৰন্থখনিৰ বাবে এফাঁকি ঘোষাৰে প্ৰণিপাত জনালো।

শ্ৰীমন্ত শংকৰ       হৰি ভকতৰ

জানা যেন কল্পতৰু।

তাহান্ত বিনাই        নাহি নাহি নাহি

আমাৰ পৰম গুৰু।।

Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

4 Comments
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top