ছাৰ আইজাক নিউটনৰ জীৱন কাহিনী | Sir Isaac Newton Biography Assamese

Joonak.in
2

ছাৰ আইজাক নিউটনৰ জীৱন কাহিনী

“I do not know what I appear to the world, but to myself I seem to have been only like a boy playing on the Sea Shore and diverting myself in now and then finding a smoother pebble or a prettier she & I than ordinary, whilst the great ocean of truth lay all undiscovered before me.”

আধুনিক বিজ্ঞানৰ বাটকটীয়াসকলৰ অন্যতম ছাৰ আইজাক নিউটন (Sir-Issac Newton) ৰ জন্ম ১৬৪২ চনৰ খৃষ্টমাছৰ দিনা, উলছৱৰ্থ নামে ঠাইত। তেওঁৰ মাতৃয়ে দ্বিতীয় বিবাহ কৰাৰ ফলত নিউটনে শৈশৱ অতিবাহিত কৰিব লগা হৈছিল উলছৱৰ্থত থকা বুঢ়ীমাকৰ লগত।

নিউটন শৈশৱতে শাৰীৰিক ভাবে অতি দুৰ্বল আছিল আৰু প্ৰথম অৱস্থাত গ্ৰন্থ অধ্যয়ণৰ ক্ষেত্ৰতো বিশেষ ৰাপ বা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰা নাছিল। আটাইতকৈ ডাঙৰ কথা প্ৰথম অৱস্থাত মাত্ৰ দুবছৰ বিদ্যালয়ত অধ্যয়ণ কৰাৰ পিছতে তেওঁ মাতৃ হান্না পুণৰ বিধবা হোৱাত দুবছৰতে প্ৰথম পৰ্বৰ শিক্ষা জীৱন অন্ত পেলাই মাকক কৃষি কাৰ্যত সহায় কৰিবলৈ যাব লগা হৈছিল। ১৬৫৪ চনৰ পৰা ১৬৫৬ চনলৈ এই দুবছৰ আছিল তেওঁৰ প্ৰথম পৰ্বৰ শিক্ষা-জীৱন। এই কালছোৱাত তেওঁ কিতাপৰ পঢ়া-শুনাত বেছি মনোযোগ দিয়া নাছিল যদিও তেওঁৰ অনুসন্ধানী মনটো যে স্বাভাৱিক প্ৰতিভাৰে চহকী সেই কথাটো প্ৰতিপন্ন কৰিছিল। তেওঁ ঘৰৰ ওচৰতে সৰুৰে পৰা দেখি থকা জলশক্তিৰে চালিত ঘেঁহু গুড়ি কৰা কাৰখানা এটা কিদৰে চলে সেইটো পুংখানুপুংখ ভাবে নিৰীক্ষণ আৰু অধ্যয়ণ কৰি নিজেই এটা আৰ্হি নিৰ্মাণ কৰি  সহপাঠী আৰু ওৰচঘৰীয়া সকলোকে আচৰিত কৰি তুলিছিল। এই সৰু-সুৰা কাৰ্যবিলাকেও কিন্তু শিশু নিউটনৰ মাজত লুকাই থকা প্ৰতিভা তেওঁৰ বিদ্যালয়ৰ শিক্ষক তথা সমসাময়িক আন ব্যক্তিসকলৰ চকুত পেলাব পৰা নাছিল। মাতৃ হান্না অথবা বুঢ়ীমাক কোনেও এই কথা কল্পনা কৰিব পৰা নাছিল যে, এই খেতিৰ কাম কৰিবলৈ লগোৱা শিশু নিউটনৰ মাজত লুকাই আছে বিশ্বৰ বৈজ্ঞানিক চিন্তাৰ ক্ষেত্ৰত যুগান্তৰ সাধন কৰিব পৰা প্ৰতিভা। আৰ্থিক অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাত ভোগা মাক আৰু বুঢ়ীমাকৰ ক্ষেত্ৰত এইটো অৱশ্যে অস্বভাৱিকো নাছিল।

শিশু নিউটন ইমানেই নিশকতীয়া আছিল যে, তেওঁৰ সহপাঠী হৃষ্টপুষ্ট লোকসকলে তেওঁক শাৰীৰিক ভাবে আক্ৰমণ কৰি অথবা জোকাই ৰং চাইছিল। দুষ্ট লৰা বিলাকৰ আক্ৰমণৰ সন্মুখীন হোৱা নিউটনে কিন্তু এদিন এটা অসাধ্য সাধন কৰিছিল। তেওঁক সদায় আক্ৰমণ কৰি থকা শ্ৰেণীৰ আটাইতকৈ বলিষ্ট দুষ্টজনক তেওঁ ধৰাশায়ী কৰিছিল। অতি শকত আৱত তেওঁৰ প্ৰতিদ্বন্দ্বীজনক ধৰাশায়ী কৰাৰ পিছত স্বাভাৱিকভাৱে নিউটনৰ আত্মবিশ্বাস বাঢ়িছিল। হয়টো এই সৰু ঘটনাটোৰ প্ৰভাবো তেওঁৰ জীৱনত অত্যন্ত বেছি।

বিধবা মাকক সহায় কৰিবৰ বাবে যদিও নিউটনে বাগিছা তথা কৃষি-কাৰ্যত আত্মনিয়োগ কৰিছিল, তথাপি তেওঁৰ মন ব্যস্ত হৈ পৰিছিলগভীৰ আৰু অসাধাৰণ প্ৰকৃতি জগতৰ সত্যবোৰ উদ্ঘাতন কৰাত। মাকেও আনকি বুজা নাছিল উদীয়মান বিজ্ঞানীজনৰ মনটো। নিউটনে এক নিৰ্জন আৰু অসহায় জীৱন যাপন কৰাত সময়তে তেওঁৰ মোমায়েকে এক প্ৰকাৰৰ ত্ৰাণকৰ্তাৰ দৰে সহায়ৰ হাত আগবঢ়াইছিল। মোমায়েক আইছক আছিল ট্ৰিনিটি কলেজৰ সদস্য, তেওঁ ভনীয়েকক বুজাই-বঢ়াই নিউটনক ট্ৰিনিটি কলেজত নাম ভৰ্তিৰ বাবে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে বিদ্যালয়লৈ পঠাবলৈ সৈমান কৰাইছিল। ১৬৫৬ চনৰ পৰা ১৬৬১ চনলৈ তেওঁৰ জীৱনৰ এই কালছোৱা প্ৰয় অথলে যোৱাৰ অন্তত আইছকৰ উদগনিত নিউটনে ১৬৬১ চনত ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। ট্ৰিনিটি কলেজৰ পৰা স্নাতক উপাধি লাভ কৰাৰ পিছত ১৬৬৫ চনত নিউটনে বাইনমিয়েল থিয়ৰেম আৱিস্কাৰ কৰে।

১৬৬৯ চনত নিউটনে  ট্ৰিনিটি কলেজত গণিত বিজ্ঞানৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৬৭২ চনত তেওঁ লণ্ডনৰ ৰয়েল ছোচাইটিৰ সদস্য নিৰ্বাচিত হয়।  ইয়াৰ পিছৰ পৰা তেওঁ প্ৰায় প্ৰতি বছৰেই এটা নহয় এটা ৰাজকীয় অথবা সন্মানজনক পদবীত অধিষ্ঠিত হৈ আহিছে। ১৬৮৯ চনত ইংলেণ্ডৰ পাৰ্লিয়ামেন্টৰ সদস্য, ১৯০৩ চনত ৰয়েল ছোচায়িটিৰ সভাপতি আৰু ১৭০৫ চনত মহাৰাণী এনিয়ে এটা বিশেষ অনুষ্ঠানত নিউটনক নাইট উপাধিৰে সন্মানিত কৰে। ১৭০৩ চনৰ পৰা নিউটনে আমৃত্যু ৰয়েল ছোচাইটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সামাজিক আৰু ৰাজনৈতিক জীৱনতো প্ৰভাৱশীল স্থানত থাকি কাৰ্য কৰা এই মহান বিজ্ঞানীজন কিন্তু বৈজ্ঞানিক আৱিস্কাৰৰ ক্ষেত্ৰত কোনো দিনে ভাগৰি পৰা নাছিল। যি স্থানতে থাকি কাম নকৰক- সকলোতে তেওঁ বৈজ্ঞানিক মনটোৰে অহৰহ অনুসন্ধান কৰিছিল।

নিউটনে আৱিস্কাৰ কৰা গতি বিধিসমূহ (Lows of Motion) আৰু মধ্যাকৰ্ষণৰ বিধি পদাৰ্থবিজ্ঞানত আজিও সংগতিপূৰ্ণ হৈ আছে। প্ৰসঙ্গতঃ উল্লেখনীয় যে তেওঁ ১৬৮৭ চনতে ‘The Mathematical Principle of Natural Philosophy’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল, -এই গ্ৰন্থতে গতিৰ বিধিসমূহ আৰু মহাকৰ্ষণৰ বিধি লিপিবদ্ধ কৰা হৈছিল। মহাকৰ্ষণৰ বিধি কিদৰে আৱিস্কাৰ হল সেই সম্পৰ্কে এটা কাহিনী প্ৰচলিত আছে। কাহিনীটো নিউটনে নিজেই প্ৰচাৰ কৰা বুলিও শুনা যায়। কাহিনীটো অনুসৰি এদিন নিউটনে বাগিছাত বহি থকা সময়ত গছৰ পৰা এটা আপেল সৰি পৰা কাৰণ সম্পৰ্কে। এই প্ৰশ্নৰ সমাধান বিচাৰি তেওঁ কৰা গৱেষণাৰ ফলতে মহাকৰ্ষণৰ বিধি আৱিস্কাৰ হয়। কাহিনীটোৰ সাধাৰণ সত্যাতাৰ পৰা এটা কথাই প্ৰতিপন্ন হয় যে নিউটন আছিল চকুৰ আগতে ঘটি থকা ঘটনাৱলীৰ অতি সুক্ষ্ম নিৰিক্ষণকাৰী।

নিউটনে ব্যখ্যা কৰি দেখুৱাইছিল যে পৃথিৱীয়ে অকল মধ্যকৰ্ষণ শক্তিৰ জৰিয়তে আন বস্তুবোৰক পৃথিৱীলৈ আকৰ্ষণ কৰি আছে সেইটো নহয়, মহাজাগতিক সকলো বস্তুৱেই ইটিয়ে সিটিক আকৰ্ষণ কৰি আছে। তেওঁ কৈছিল যে যি শক্তিয়ে আপেল এটাক পৃথিৱীৰ বুকুলৈ আকৰ্ষণ কৰি আনিছে, সেই একে শক্তিয়েই চন্দ্ৰটোক এক নিৰ্দিষ্ট কক্ষপথত ধৰি ৰাখিছে।

গাণিতিক ভাবে পৃথিৱীৰ আকৃতি আৰু মহাজাগতিক গতিৰ কথা ব্যাখ্যা কৰাৰ উপৰি নিউটনে এটা সূত্ৰবদ্ধ ৰূপত এই কথা ব্যক্ত কৰিছে যে মহাজাগতিক বস্তুৰ এটাই আনটোক এটা নিৰ্দিষ্ট শক্তিৰে আকৰ্ষণ কৰে। এই আকৰ্ষণ শক্তিৰ বল নিৰ্ভৰ কৰে বস্তুটোত থকা পদাৰ্থৰ পৰিমাণ আৰু দূৰত্বৰ ওপৰত। দূৰত্বৰ বৰ্গ অনুপাতত আকৰ্ষণ কমে, গতিকে অতি শক্তিশালী নক্ষত্ৰৰ আকৰ্ষণো অতি বেছি দূৰত্বত থকা বাবে কম হয়।

নিউটনৰ অৱদান পোহৰ বিজ্ঞানৰ ক্ষেত্ৰতো অতি চমকপ্ৰদ। তেওঁ এটা দূৰবিক্ষণ নিৰ্মান কৰি পোহৰৰ ওপৰত অধ্যয়ণ চলাইছিল। ছয় ইঞ্চি দীঘল আৰু এক ইঞ্চি এপাৰেছাৰৰ লেন্স ব্যৱহাৰ কৰি তেওঁ বৃহস্পতি গ্ৰহৰ উপগ্ৰহ নিৰিক্ষণ কৰিছিল।

সূৰ্যৰ ৰঙৰ মৌলিক গুণৰ ওপৰত তেওঁ কৰা অধ্যয়ণৰ ফলতে মানৱ জাতিয়ে প্ৰথম নিশ্চত ভাবে জানিবলৈ পালে যে সূৰ্যৰ বগা ৰং সাতটা বিভিন্ন ৰঙৰ সমষ্টি। প্ৰতিসৰণৰ কাৰণেহে আমি ৰামধেনুৰ বৰ্ণালীৰ চিত্ৰ- বিচিত্ৰ ৰং দেখা পাওঁ সেইটো নহয়, সাতটা বিভিন্ন ৰং প্ৰকৃততে সূৰ্যৰ ৰঙৰ নিজস্ব নিহিত গুণপ্ৰতিসৰণ যিধৰণে হয়, ঠিক সেইধৰণৰ ৰঙ চকুত পৰে। প্ৰতিসৰণ যিধৰণে হয়,
ঠিক সেইধৰণৰ ৰং চকুত পৰে। প্ৰতিসৰণৰ সহায়ত সূৰ্যৰ পোহৰৰ পৰা সাতটা ৰঙৰ যিদৰে সৃষ্টি কৰিব পাৰি, ঠিক সেইদৰে বিচ্ছুৰিত সাতোটা ৰং প্ৰিজমৰ মাজেদি পঠাই পুনৰ সূৰ্যৰ বগা ৰঙ পাব পাৰি। এটা বিশেষ পৰীক্ষাৰ সহায়ত এই পৰীক্ষা কৰি নিউটনে নিশ্চিত ভাবে প্ৰমাণ কৰি দিছিল যে সূৰ্যৰ বগা ৰঙৰ বুকুতে অন্যান্য সাতটা ৰং লুকাই আছে। নিউটনৰ আগতেও পোহৰৰ সাতটা ৰঙৰ কথা বিভিন্ন বিজ্ঞানীয়ে নোকোৱা নহয়
; কিন্তু ইমান নিশ্চিত ভাবে কোনেও প্ৰমাণ কৰি দিব পৰা নাছিল নিউটনৰ দৰে।

পোহৰ কি এই প্ৰশ্নৰ উত্তৰ দিবলৈও নিউটনে প্ৰয়াস কৰিছিল। তেওঁৰ মতে পোহৰ হল উজ্জ্বল বস্তু (উত্স) ৰ পৰা বিকিৰিত ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা- এই ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাবোৰে প্ৰতি ছেকেণ্ডত ৩০০, ০০০ কিঃ মিঃ বেগেৰে গতি কৰে। পিছত অৱশ্যে জেমছ য়ঙে পোহৰৰ তৰংগৰ তত্ত্ব প্ৰমাণিত কৰিছে। নিউটনে পোহৰ সম্পৰ্কে কৰা অধ্যয়নৰ বিস্তৃত বিৱৰণ আছে তেওঁৰ অপ্তিক্ছ্ গ্ৰন্থত।

১৬৯২-৯৪ চনৰ ভিতৰত তেওঁ মানসিক ভাবে ভীষণ অসুস্থ হৈ পৰিছিল। তথাপি তাৰ পিছতো তেওঁ ৮৫ বছৰ বয়স পৰ্যন্ত অবিৰত ভাবে গৱেষণামূলক কাম কৰি গৈছিল।

১৭২৭ চনৰ ২০ মাৰ্চত তেওঁৰ মৃত্যু হয়।


Join Our WhatsApp Group- Click Here

Post a Comment

2 Comments
  1. বৰ সুন্দৰ হৈছে। বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত লিংকটো ভাগ-বতৰা কৰিছোঁ।

    ReplyDelete
Post a Comment

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top